অসম

assam

ETV Bharat / state

Jan Aushadhi Diwas 2023: জন ঔষধি দিৱসত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - জন ঔষধি কিট

আজি সমগ্ৰ দেশৰ লগতে অসমৰ নগাঁও জিলাতো পঞ্চম “জন ঔষধি দিৱস ২০২৩” পালন কৰা হয় (Jan Aushadhi Diwas 2023) ৷ এই অনুষ্ঠানত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৷

Union Minister Sarbananda Sonowal on Jan Aushadhi Diwas
জন ঔষধি দিৱসত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Mar 7, 2023, 10:25 PM IST

জন ঔষধি দিৱসত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নগাঁও, 7 মাৰ্চ:মঙলবাৰে নগাঁৱত ৰাজ্যিক পৰ্যায়ত প্ৰধানমন্ত্ৰীৰ ভাৰতীয় জনৌষধি পৰিযোজনাৰ অধীনত “জন ঔষধি দিৱস ২০২৩” পালন কৰা হয় (Jan Aushadhi Diwas 2023) ৷ নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এই সজাগতা কাৰ্যসূচী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Cabinet minister Sarbananda Sonowal)।

এই কাৰ্যসূচীত নগাঁৱৰ এজন ঔষধি কেন্দ্ৰৰ মহম্মদ হাফিজুৰ ৰহমান নামৰ এগৰাকী পৰিচালকক কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সম্বৰ্ধনা জনায় । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনাৰ ৬ জন হিতাধিকাৰীক বিনামূলীয়াকৈ “জন ঔষধি কিট” প্ৰদান কৰা হয় । উল্লেখ্য যে, সাধাৰণ জনতাৰ বাবে সুলভ মূল্যত ঔষধ উপলব্ধ কৰোৱাৰ উদ্দেশ্যেৰে ২০০৮ চনৰ নৱেম্বৰ মাহৰ পৰা 'প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা' (Prime Minister Bhartiya Janaushadhi Pariyojana) আৰম্ভ কৰা হৈছিল।

এই আঁচনিখনে দেশৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ মূল্যত ঔষধৰ সহজলভ্যতাৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিছিল ৷ প্ৰতিবছৰে ৭ মাৰ্চৰ দিনটো 'জন ঔষধি দিৱস' হিচাপে পালন কৰা হয় (Jan Aushadhi Diwas celebrated in Nagaon)। জন ঔষধি কেন্দ্ৰৰ জৰিয়তে দেশৰ জনতাই 22 হাজাৰ কোটি টকা লাভ কৰিছে ।

এই আঁচনিৰ তালিকাত ১,৭৫৯ বিধ ঔষধ আৰু ২৮০ টা অস্ত্ৰোপচাৰ সঁজুলি সন্নিৱিষ্ট কৰা হৈছে । এই অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ ৰাজেন গোহাঁই, শিশু সাহিত্য ন্যাস অসমৰ সম্পাদক শ্ৰীযুত হৃষিকেশ গোস্বামী উপস্থিত থাকে ৷ লগতে উপস্থিত থাকে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ সঞ্চালক শ্ৰীযুত নীলমাধৱ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ বিষয়া পংকজ শৰ্মা ৷

নগাঁও পৌৰসভাৰ সভাপতি অম্বিকা মজুমদাৰ, নগাঁৱৰ স্বাস্থ্য বিভাগৰ এডিচি প্ৰশান্ত বৰুৱা, নগাঁৱৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্তকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তসকল, নগাঁও পৌৰ সভাৰ শীৰ্ষ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বীকে ধৰি বহুকেইজন লোকো উপস্থিত থাকে অনুষ্ঠানটোত ।

লগতে পঢ়ক:Naga Encroachment at Morioni: পুনৰ মৰিয়নি দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলত নগাৰ অগ্নিসংযোগ

ABOUT THE AUTHOR

...view details