নগাঁও,২০ জানুৱাৰী:নগাঁৱত বিজেপি নেতা অনিল শইকীয়াৰ নেতৃত্বত উষ্ম আদৰণি জনোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক(Union minister Sarbananda Sonowal at Nagaon) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে নগাঁৱৰ অনুষ্ঠানত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল । ছাত্ৰ ছাত্ৰীৰ মাজত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰে সোণোৱালে । ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে দীঘলীয়া ভাষণ ।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(Prime Minister Narendra Modi) পৰীক্ষা পে চৰ্চা(Pariksha pe charcha) কাৰ্য্যসূচী সফল কৰাৰ বাবে তৎপৰ হৈ পৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । পৰীক্ষা পে চৰ্চা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লৈছে পৰীক্ষাৰ যোদ্ধা অৰ্থাৎ Exam warrior নামৰ আন এক কাৰ্য্যসূচী । শুকুৰবাৰে নগাঁৱৰ কঢ়ালীগাঁৱত পৰীক্ষাৰ যোদ্ধা অৰ্থাৎ Exam warrior ৰ অধীনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ভাগ লয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
Exam warriors ৰ অধীনত ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানতো অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ প্ৰচেষ্টাত Exam warrior ৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভাগ লৈ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি দীঘলীয়া ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।