বঢ়মপুৰ, 16 মে': এজন অচিনাক্ত যুৱকক লৈ কামপুৰত চাঞ্চল্য ৷ উত্তৰ প্ৰদেশ আৰু মনিপুৰৰ পৰা অহা বুলি কোৱা যুৱক জনক লৈ সমস্যাত পৰিছে কামপুৰ কমাৰপট্ৰিৰ বাসিন্দা ৷ পূৱা 7 বজাতে কামপুৰত উপস্থিত হোৱা যুৱকজনৰ বিৰুদ্ধে স্থানীয় লোকে আৰক্ষী তথা প্ৰশাসনক খবৰ দিয়াৰ পাছত প্ৰায় 12 বজালৈকে উপস্থিত নহ'ল প্ৰশাসনৰ লোক ৷ যাৰবাবে কামপুৰ ৰেলৱে ষ্টেচনতে যুৱক জনক আবদ্ধ কৰি ৰাখে স্থানীয় লোকে ৷
অচিনাক্ত যুৱকক লৈ নগাঁৱৰ কামপুৰত তীব্ৰ চাঞ্চল্য - Unidentified person creates havoc at Kampur
অৱশেষত ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ 108 এম্বুলেঞ্চৰ জড়িয়তে যুৱক জনক নগাঁৱৰ কন্দলী আদৰ্শ চিকিৎসালয়ৰ কোৱাইনটাইন চেন্টাৰলৈ প্ৰেৰণ কৰে
![অচিনাক্ত যুৱকক লৈ নগাঁৱৰ কামপুৰত তীব্ৰ চাঞ্চল্য Unidentified person creates havoc at Kampur of Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7222232-842-7222232-1589623488441.jpg)
অচিনাক্ত যুৱকক লৈ নগাঁৱৰ কামপুৰত তীব্ৰ চাঞ্চল্য
অচিনাক্ত যুৱকক লৈ নগাঁৱৰ কামপুৰত তীব্ৰ চাঞ্চল্য
অৱশেষত ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ 108 এম্বুলেঞ্চৰ জড়িয়তে যুৱক জনক নগাঁৱৰ কন্দলী আদৰ্শ চিকিৎসালয়ৰ কোৱাইনটাইন চেন্টাৰলৈ প্ৰেৰণ কৰে ৷ লগতে ঘটনাস্থলীত কামপুৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ যুৱক জন থকা ঠাই বোৰত চেনিটাইজ কৰে ৷
লগতে পঢ়কঃ জুম্মাৰ নামাজক কেন্দ্ৰকৰি কৰিমগঞ্জত সংঘাত