অসম

assam

By

Published : May 19, 2021, 8:23 PM IST

ETV Bharat / state

ৰহাত সৰাগাঁৱত পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ

এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে নগাঁও জিলাৰ ৰহাৰ সৰাগাঁৱত ৷ শৰীৰত কোনোধৰণৰ আঘাতৰ চিন নোহোৱাত আৰক্ষীয়ে বৰ্তমান লোকজনৰ মৃত্যু সম্পৰ্কত অব্যাহত ৰাখিছে তদন্ত ৷

UNIDENTIFIED BODY RECOVERED
ৰহাত সৰাগাঁৱত ৰাষ্ট্ৰীয় পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ

ৰহা, 19 মে’: নগাঁও জিলাৰ ৰহাৰ সৰাগাঁও অঞ্চলত ৰাষ্ট্ৰীয় পথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে এটা অচিনাক্ত মৃতদেহ । জানিব পৰা মতে, বুধবাৰে দুপৰীয়া সৰাগাঁৱত উদ্ধাৰ হয় কোনো অচিনাক্ত ব্যক্তিৰ মৃতদেহটো ।

উল্লেখযোগ্য যে, ৰহাৰ টোল প্লাজাৰ সমীপৰ চাৰিলেনযুক্ত পথৰ দাঁতিত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা মতে মৃত ব্যক্তি জনৰ বয়স প্ৰায় ৪৫-৫০ বছৰৰ ভিতৰত বুলি অনুমান কৰা হৈছে । আচৰিত ধৰণে মৃত লোকজনৰ শৰীৰত কোনোধৰণৰ আঘাতৰ চিন পৰিলক্ষিত কৰা নাই আৰক্ষীয়ে।

মৃত্যুৰ সময়ত লোকজনে চাৰ্ট আৰু জিনচ্ পেণ্ট পৰিধাৰণ কৰি আছিল ৷ লোকজনৰ মৃত্যু কেনেকৈ হ'ল সেইয়া বৰ্তমানলৈকে পৰিস্কাৰ নাই হোৱা যদিও সম্প্ৰতি এই সম্পৰ্কত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

ইতিমধ্যে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰহা আৰক্ষীয়ে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :আনন্দ মিশ্ৰই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি

ABOUT THE AUTHOR

...view details