নগাঁও, 29 জুলাইঃ ৰাজ্যত নিবনুৱাৰ ভয়াৱহ ছবি ৷ চৰকাৰী চাকৰি নাপায় এতিয়া বহু শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এৰিছে চাকৰিৰ আশা ৷ যাৰ বাবে বহু শিক্ষিত নিবনুৱাই ম্যাদ উকলি যোৱাৰ পাচতো শ্ৰম বিনিম কেন্দ্ৰত নিজৰ পঞ্জীয়নৰ নবীকৰণেই নকৰিলে ৷ এই কথা প্ৰকাশ কৰিছে নগাঁৱৰ স্বয়ং নিয়োগ বিষয়া গৰাকীয়ে ৷
অৱশ্যে,নতুনকৈ উচ্চ মাধ্যমিক বা স্নাতক হোৱা ছাত্ৰ ছাত্ৰীসকলে কৰ’ণা সংকটৰ মাজতো এটা চাকৰিৰ আশাত শাৰী পাতি পঞ্জীয়ন কৰাইছে নিজৰ নাম ৷ নগাঁও জিলাত বিগত 5 বছৰত নতুনকৈ পঞ্জীয়ন কৰোৱা লোকৰ সংখ্যা হৈছে ৯০,৫১০ গৰাকী৷ ইয়াৰে বিশেষভাৱে সক্ষম লোকৰ সংখ্যা ১,১১৪ জন ৷
আনহাতে জিলা নিয়োগ বিষয়া গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ ওচৰত নগাঁও জিলাত বিগত পাচ বছৰত পঞ্জীকৃত সকলৰ ভিতৰত মাত্ৰ 29 গৰাকীয়েহে চাকৰি লাভ কৰাৰ তথ্য আছে ৷