বঢ়মপুৰ, 17 মে’:ৰাজ্যত বিধ্বংসী ৰূপ ধাৰণ কৰিছে বলীয়া বানে(Flood in Assam 2022) ৷ কামপুৰত কপিলীৰ বানে এফালৰ পৰা প্লাৱিত কৰি গৈছে ইখনৰ পিছত সিখনকৈ গাঁও(Kampur effected by Kapili river floods) ৷ কামপুৰ ৰাজহ চক্ৰৰ অধীনত থকা প্ৰায় 50 খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে ৷
এনে পৰিস্থিতিৰ মাজতে সোমবাৰে কামপুৰৰ কুঁহিমাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ বাঢ়নী পানী চাবলৈ গৈ বানত উটি গ’ল দুজনকৈ কিশোৰ(Two youth drawn in flood) ৷ জানিব পৰা মতে, এই কিশোৰ দুজনৰ নাম ক্ৰমে বিনন্দ নাথ আৰু আশীষ নাথ ৷