নগাঁও, 9 জুনঃসোমবাৰে দুবছৰ সম্পূৰ্ণ হ'ল ডকমকা অভি-নীল হত্যাকাণ্ডৰ ৷ পুত্ৰদ্বয়ক ন্যায় প্ৰদানৰ আশাত মহামান্য আদালতে প্ৰদান কৰা প্ৰতিটো তাৰিখতে নগাঁও সত্ৰ আদালতত উপস্থিত হৈছে দুই দুৰ্ভগীয়া পিতৃ ৷ কিন্তু সোমবাৰে ন্যায়ৰ বিপৰীতে আহিল এক উদ্বেগজনক খবৰ ৷ দুটা বছৰ অতিক্ৰম কৰাৰ পাছত এতিয়া শেহতীয়াকৈ পৰিস্থিতিৰ সুৰুঙা লৈ অভিযুক্তৰ জামিনৰ বাবে তৎপৰ হৈ পৰিছে অভিযুক্ত পক্ষৰ অধিবক্তা।
সম্পূৰ্ণ দুটা বছৰঃ আজিও ন্যায়ৰ অপেক্ষাত দুই পৰিয়াল - নগাঁও
নগাঁও আদালতত অভি-নীল হত্যাকাণ্ডৰ আটাইকেইজন অভিযুক্তৰ বাবে অধিবক্তাই দাখিল কৰিছে জামিন আবেদন। মঙলবাৰে আদালতে জামিনৰ বাবে পুনৰ শুনানিৰ দিন ধার্য কৰে ।
অভি-নীল
ইতিমধ্যে নগাঁও আদালতত আটাইকেইজন অভিযুক্তৰ বাবে অধিবক্তাই দাখিল কৰিছে জামিন আবেদন। মঙলবাৰে আদালতে জামিনৰ বাবে পুনৰ শুনানিৰ দিন ধার্য কৰে । আনহাতে,আজিও অভি-নীলৰ মৰণকাতৰ চিৎকাৰ পাহৰা নাই ন্যায়ৰ আশাত বন্দী দুই পৰিয়ালে ৷ ইতিপূৰ্বে হৈ যোৱা শুনানিত কেইবাজনো সাক্ষীয়ে ভাষ্য সলনি কৰাক লৈয়ো চিন্তিত নিলোৎপল,অভিজিতৰ পৰিয়াল । তৎসত্বেও ন্যায় ব্যৱস্থাৰ ওপৰত আশ্বাস হেৰুৱা নাই অভি-নীলৰ পিতৃদ্বয়ে ৷