অসম

assam

ETV Bharat / state

এটা সপ্তাহতে নগাঁৱত নিৰুদ্দেশ এগৰাকী মহিলা আৰু কিশোৰী - ৰেজেৱানা খাতুন

এটা সপ্তাহতে একেখন গাঁৱৰ পৰা দুগৰাকী লোক সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ প্ৰমিলা জাৰণি গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

barhampur
ৰেজেৱানা খাতুন

By

Published : Dec 5, 2019, 2:56 PM IST

বঢ়মপুৰ, 5 ডিচেম্বৰঃনগাঁও জিলাৰ কচুৱাৰ প্ৰমিলা জাৰণি গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ বিগত এটা সপ্তাহ ধৰি সন্ধানহীন হৈ আছে এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰী ৷ কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি 24 নৱেম্বৰৰ নিশা নিজ বাসগৃহৰ পৰাই ৰেজেৱানা খাতুন নামৰ কিশোৰী গৰাকী নিৰুদ্দেশ হৈছিল ৷ কোনো দুষ্ট লোকে কিশোৰী গৰাকীক অপহৰণ কৰি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ ঘটনা সন্দৰ্ভত তেওঁলোকে কচুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আজিকোপতি আৰক্ষীয়ে কিশোৰী গৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কোনো লোকে কিশোৰী গৰাকীৰ সম্ভেদ পালে 6001298252নম্বৰ ফোনত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

প্ৰমিলা জাৰণীৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা আৰু কিশোৰী

আনহাতে বিগত সপ্তাহৰ শুকুবাৰে নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছিল উক্ত গাঁওখনৰে পম্পী বৰা নামৰ আন এগৰাকী বিবাহিতা মহিলা ৷ উল্লেখ্য যে এটা সপ্তাহতে একেখন গাঁৱৰ পৰা দুগৰাকী লোক সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ প্ৰমিলা জাৰণি গাঁৱত চাঞ্চল্যাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক - ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহ

ABOUT THE AUTHOR

...view details