নগাঁও,23 এপ্ৰিল : নগাঁৱৰ দুখনকৈ গাঁৱক শুকুৰবাৰে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ কণ্টেইনমেণ্ট জ’ন ঘোষণা হোৱা গাঁও দুখন হৈছে ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত পহুপুৰি খাইটি গাঁও আৰু দীঘলধাৰী গাঁও ।
উল্লেখ্য যে, উক্ত গাঁও দুখনৰ 5 জনকৈ লোক বহিঃৰাজ্যৰ পৰা উভতি অহাৰ পাচত তেওঁলোকৰ ক’ভিড পৰীক্ষা কৰা হয় । লগতে বিগত দুটা দিনত এই লোককেইজনৰ সংস্পৰ্শলৈ অহা গাঁওখনৰ লোকসকলৰো ক’ভিড পৰীক্ষা কৰা হয় । অঞ্চলটোৰ সৰহ সংখ্যাক লোকক কৰা ক’ভিড পৰীক্ষাৰ অন্তত মুঠ 26 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ অৱস্থিতি ৷