কলিয়াবৰ,২১ মে':কৰ'ণা পৰিস্থিতিৰ মাজতে নগাঁও জিলাৰ কলিয়াবৰত এটা ট্ৰেন্সফৰ্মাৰক লৈ উত্তেজনা দুখন গাঁৱৰ মাজত । এখন গাঁৱৰ কেইজনমান যুৱকে আনখন গাঁৱলৈ ট্ৰেন্সফৰ্মাৰৰ পৰা বিদ্যুতৰ সংযোগ বন্ধ কৰি দিয়াক কেন্দ্ৰ কৰি এই হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় ।
উল্লেখ্য যে, শেহতীয়াকৈ কলিয়াবৰৰ জাৱনি গাঁৱত ১৮ জনকৈ লোক কৰ'ণাত আক্ৰান্ত হোৱাত গাঁৱখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল । এই গাঁৱত থকা ট্ৰেন্সফৰ্মাৰৰ পৰা বিদ্যুৎ লাভ কৰে ওচৰৰ গাখীৰখাটি গাঁৱখনে । কিন্তু বিগত চাৰিদিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ আছে গাখীৰখাটি গাঁৱত । বিদ্যুৎ সৰবৰাহৰ বাবে ট্ৰেন্সফৰ্মাৰটোত এটা কাট-আউটৰ প্ৰয়োজন । অভিযোগ অনুসৰি কাট-আউট সংযোগ কৰিব নিদিয়ে কণ্টেইনমেণ্ট জ'ন হিচাবে থকা জাৱনি গাঁৱৰ কেইজনমান যুৱকে । যাৰ বাবে দুয়োখন গাঁৱৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে ।