ড৹ ভূপেন হাজৰিকাৰ দুখন বিশেষ চিঠি কলিয়াবৰ, 13 এপ্ৰিল : সৰুসজাইৰ ঢোল গুমগুমনিৰ মাজতে ক’ৰবাত বাজি উঠিব ভূপেনদাৰ সেই কালজয়ী গীতটি –
‘‘বিহুটি বছৰি আহিবা,
অসমী আইকে জগাবা,
বিপদৰ পৰতো মাহ-হালধীৰে জাতিটোৰ দেহ-মন ধোৱাবা ।
বিহুটি বছৰি আহিবা ।’’
‘‘শ্যাম দেশত আৰু জাপানতো বানপানী হয়, পিছে আমাৰ দৰে ঢোদৰ-পচলা আঁচনি ইয়াত নাই । বৰদৈচিলা হৈ কিবা লণ্ডভণ্ড কৰি দিবৰ মন যায় ! পিচে আমি গানগোৱা মানুহহে । ক্ষমতাত থকা সকলে অসমখনক চাইছে জানো ? চোৱাবই লাগিব !’’ এয়া ড৹ ভূপেন হাজৰিকাৰ মনৰ কথা (Two special letters from Dr Bhupen Hazarika)৷
কলিয়াবৰৰ কুঠৰীৰ ভূপেনদাৰ ‘‘আপোন ঘৰ’’খনৰ প্ৰতি থকা আকুলতাৰ চিন থকা দুখন ঐতিহাসিক চিঠিয়ে দিছে ভূপেনদাৰ কুঠৰীক লৈ থকা গুৰুত্বপূৰ্ণ পৰিকল্পনা ৷ য’ত আছে, শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ কথা, কুঠৰীৰ কফি খাই অভিনৱ অনুভূতি জাগৃত হোৱাৰ কথা ৷ কুঠৰীৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নত সহায়ৰ কথা, আপোন ঘৰখন ভালকৈ চোৱা-চিতা কৰিবলৈ দিয়া পৰামৰ্শৰ কথা (Dr Bhupen Hazarika’s Apon Ghar at Kuthari in Kaliabor) ৷
7/9/82 তাৰিখে প্ৰথমখন চিঠি লিখিছিল কুঠৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তদানীন্তন প্ৰধান শিক্ষক দেৱেশ্বৰ বৰুৱালৈ যোৰহাটৰ বিধুচৰণ বৰুৱাৰ তৰাজানৰ বাসগৃহৰ পৰা লিখিছিল । দ্বিতীয়খন চিঠি ফিল্মৰ দেশ হলিউড, কাৰ্লিফ'নিয়াৰ পৰা 22/10/89 তাৰিখে কুঠৰীৰ ভাতৃপ্ৰতীম শশী ফুকনলৈ লিখিছিল ।
তদানিন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু বাস্তৱত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণ কৰিবলৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাণসাৰ নাই ।
আইনী জটিলতাৰ বাবে সুধাকণ্ঠৰ ‘‘আপোন ঘৰ’’ত চৰকাৰৰ অমনোযোগিতাৰ বাবে স্থবিৰ হৈ ৰ’ল ড৹ ভূপেন হাজৰিকা সংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা । কলিয়াবৰৰ ভূপেনদাৰ একান্ত অনুগামী ৰঞ্জিৎ ভট্টাচাৰ্যই ভূপেনদাৰ চিঠি দুখন পাঠ কৰি অনতি পলমে ড৹ ভূপেন হাজৰিকাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ চৰকাৰলৈ অনুৰোধ জনায় । এই অনুৰোধ সমগ্ৰ কলিয়াবৰবাসীৰ ।
যাযাবৰ সুধাকণ্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকা । 1974 চনত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত কুঠৰীত সুধাকণ্ঠই এটি ঘৰ সাজিছিল ৷ 'আপোন ঘৰ' পাতিছিল । আশা আছিল, জীৱনৰ বিয়লি বেলা অসমৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰি এক আশ্ৰম ৰূপে গঢ় দিয়া । পিচে সেই আশা পূৰণ হোৱা দূৰৰে কথা, ঘটনা চক্ৰত পৰি সেই ঘৰ-মাটি বিক্ৰী কৰে ভূপেনদাই । ভূপেনদাৰ ঘৰ-মাটিৰ নতুনগৰাকীয়ে ঘৰৰ লগতে এছোৱা ভূমি ভূপেনদাৰ স্মৃতিত এৰি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ।
স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ভূপেনদাৰ কুঠৰীৰ 'আপোন ঘৰ'খন । স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড৹ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।
সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰিস্থিত বাসগৃহটি সংৰক্ষণ কৰি ইয়াত এটি সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলাৰ কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবী আছিল । কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবী আছিল । কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবী আছিল ।
কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল । কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কুঠৰিস্থিত বাসগৃহত ইতিমধ্যে ভূপেনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰি থৈছে ।
2021 চনৰ 2 জুন তাৰিখে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া কুঠৰিস্থিত বাসগৃহত উপস্থিত হৈ শীঘ্ৰে উক্ত স্থানত এটি সংস্কৃতিক প্ৰকল্প নিৰ্মাণ হ'ব বুলি সাংবাদিকক জানিবলৈ দিছিল । উৰণীয়া মৌ ভূপেনদাৰ স্মৃতি বিজড়িত কুঠৰীৰ আপোন ঘৰত যোৱা বছৰৰ 2 জুন তাৰিখে অসমৰ সাংস্কৃতিক, যুৱ আৰু ক্ৰীড়া, শক্তি আদি বিভাগৰ মন্ত্ৰী বিমল বড়া কলিয়াবৰৰ কুঠৰীস্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা যাদুঘৰ প্ৰস্তাৱিত স্থান ।
পৰিদৰ্শন কালত বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটোৰ পৰিসৰত প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্প আৰু যাদুঘৰ নিৰ্মাণৰ কাম অনতি পলমে খৰতকীয়াকৈ নিৰ্মাণৰ পোষকতা কৰিছিল । তাৰ কাৰণে যাৱতীয় পুঁজি যোগানৰ ক্ষেত্ৰত ৰাজ্য সাংস্কৃতিক মন্ত্ৰী ৰূপে কৰণীয় সকলোখিনি আন্তৰিকতাৰে কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ।
উল্লেখযোগ্য যে, কলিয়াবৰৰ তদানীন্তন বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত সুধাকণ্ঠৰ কুঠৰীস্থিত বাসগৃহটোক এক সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ আঁচনি হাতত লৈছিল । পৰৱৰ্তী কালত দুৰ্ভাগ্যজনকভাৱে বাসগৃহটোৰ চৌহদৰ ভূমি বিবাদে বিষয়টোত জটিলতাৰ সৃষ্টি কৰিছিল ।
বৰ্তমানৰ চৰকাৰখনৰ সাংস্কৃতিক মন্ত্ৰীৰ দায়িত্ব লৈয়েই বিমল বৰাই দেখুওৱা তৎপৰতাত কলিয়াবৰ তথা ভূপেনন্দ্ৰপ্ৰেমী আনন্দিতও হৈছিল । যোৱা 27 আগষ্ট তাৰিখে শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ স্মৃতি দিৱসত উপস্থিত হৈ স্থানীয় বিধায়ক তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্পটোত আহি পৰা জটিলতাৰ বিষয়ে আলোকপাত কৰিছিল ।
আইনী প্ৰক্ৰিয়াৰ বাধাৰ বাবেই সম্পূৰ্ণ হোৱাত বাধা আহি পৰিছে কলিয়াবৰীয়া ৰাইজৰ সপোন । আনকি যোৱা সময়ছোৱাত ভূপেনদাৰ কুঠৰীৰ 'আপোন ঘৰ'খনত ৰাজহুৱাকৈ পালন হোৱা নাই সুধাকণ্ঠৰ উপজা দিন আৰু স্মৃতি দিৱস । তাৰ বিপৰীতে সুধাকন্ঠৰ পূৰ্বৰ কুঠৰীৰ ঘৰৰ চোৱা-চিতাৰ দায়িত্বত থকা সুৰেন নেওগে সুধাকন্ঠৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰি নিয়ম মাফিক দুয়োটা দিৱস পালন কৰি আহিছে ।
উল্লেখ্য যে, সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰিস্থিত বাসগৃহসহ সাত বিঘা ভূমি সমাহৰ্তা তথা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে অধিগ্ৰহণ কৰি অধিকৃত ভূমিসহ ভূপেনদাৰ গৃহটি হস্তান্তৰ কৰিলে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক ।
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নামত থকা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বাৰ বাগৰি মৌজাৰ ন-জান গাঁৱৰ পটা নম্বৰ 15 আৰু দাগ নম্বৰ 288, 290 আৰু 291 দাগৰ মুঠ 7 বিঘা ভূমি নিৰ্দেশনা নং এন আৰ কে 16/2018/137 (NRK 16/2018/137) তাং 15/07/21(dt. 15/07/21) মৰ্মে জিলা উপায়ুক্তৰ প্ৰতিনিধি হিচাপে অতিৰিক্ত উপায়ুক্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে 16 জুলাই তাৰিখে ভূমিসহ গৃহটি হস্তান্তৰ কৰিছিল । কিন্তু আইনী মেৰ-পেছ নাঁতৰিল । এতিয়া ভূপেনদাৰ আপোন ঘৰখন উকা, নিৰৱ-নিতাল ।
লগতে পঢ়ক :Assam government is in debt : পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'লে অসম চৰকাৰে