অসম

assam

ETV Bharat / state

একেলগে মৃত্যুক সাৱটিলে দুই ভগ্নীয়ে - একেলগে মৃত্যুক সাবটিলে দুই ভগ্নীয়ে

জ্যেষ্ঠ ভগ্নীৰ মৃত্যুৰ শোকত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ'ল কনিষ্ঠ ভগ্নীৰ ৷ দুই ভগ্নীৰ মৃত্যুত শোকস্তব্ধ ধিঙৰ কিৰিমিৰি গাঁওবাসী ৷

দুই ভগ্নীৰ মৃত্যুত শোকস্তব্ধ ধিঙৰ কিৰিমিৰি গাঁওবাসী

By

Published : Nov 16, 2019, 3:57 AM IST

Updated : Nov 16, 2019, 5:11 AM IST


ধিং , 15 নৱেম্বৰঃ আশ্বৰ্যজনকভাৱে মৃত্যক সাৱটি ল'লে ধিঙৰ কিৰিমিৰি গাঁৱৰ দুই ভগ্নীয়ে ৷ ঘটনাৰ বিৱৰণী মতে, গাঁওখনৰ নিজা বাসগৃহত ছুফিয়া খাতুন নামৰ মহিলাগৰাকীৰ মৃত্যু হয় ৷ মৃত্যুৰ খবৰ লাভ কৰি বটদ্ৰৱা নিবাসী মহিলাগৰাকীৰ ভগ্নী ৰহিমা খাতুনে মৃত্যুৰ খবৰ ল'বলৈ আহে ৷ কিন্তু ভগ্নীৰ মৃতদেহ দেখি শোকত ভাগি পৰা ৰহিমা খাতুনে বায়েকৰ মৃতদেহৰ ওচৰতে ঢলি পৰে আৰু অনাকাংক্ষিতভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় ৷ একেটা দিনতে দুই ভগ্নীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷

Last Updated : Nov 16, 2019, 5:11 AM IST

ABOUT THE AUTHOR

...view details