কলিয়াবৰ, 19 জুলাই :ৰাজ্যত অব্যাহত থকা ভয়াৱহ ক'ভিড পৰিস্থিতি ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত সক্ৰিয় হৈছে একাংশ দুষ্ট চক্ৰ ৷ শেহতীয়াকৈ ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পোৱা বিভিন্ন অপৰাধজনিত ঘটনাই প্ৰমাণ কৰিছে এই কথা ৷ প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে চুৰি-ডকাইতি, ধৰ্ষণকে ধৰি বিভিন্ন ধৰণৰ ঘটনা ৷ ইয়াৰ মাজতে কলিয়াবৰৰ উলুৱনী আৰক্ষী আৰু চুলুং তহলদাৰী আৰক্ষীৰ জালত পৰিছে দুই দুৰ্ধৰ্ষ ডকাইত ৷
উল্লেখ্য যে, গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত দেওবাৰে দুপৰীয়া দুই ডকাইতক আটক কৰে আৰক্ষীয়ে ৷ নলতলীৰ আমবাগান ৰোডৰ পৰা আৰক্ষীয়ে আটক কৰে ধৃত ডকাইত দুজনক ৷ আটক হোৱা ডকাইত দুটা চাৰিদুৱাৰৰ ৰেকিবুল ইছলাম আৰু হাফিজুৰ ৰহমান বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষী দেখি পলাবলৈ চেষ্টা কৰোতেই বাগৰি পৰি ভৰিত কিছু আঘাতপ্ৰাপ্ত হয় ৰেকিবুল ইছলাম ৷
আৰক্ষীয়ে জনোৱা অনুসৰি, এক ডকাইতি কাণ্ডৰ সন্দৰ্ভত উলুৱনী আৰক্ষী চকীত ৰুজু হৈ থকা এক গোচৰৰ ভিত্তিত আটক কৰা হৈছে এই দুই ডকাইতক ৷ ঘটনাত জড়িত থকা আন এজন ডকাইতক ইতিমধ্যেই আটক কৰা হৈছে ৷ দেওবাৰে আটক হোৱা ডকাইত দুটা পলাতক অৱস্থাত আছিল ৷