কামপুৰ, 20 জুন :দেওবাৰে নিশা কামপুৰত শোকাৱহ অঘটন ৷ বাঢ়নী পানীত উটি গ'ল কৰ্তব্যৰত দুই আৰক্ষী (Police person died at kampur) ৷
নিশা এটা গোচৰৰ তদন্তৰ বাবে গৈছিল কামপুৰ আৰক্ষীৰ(Kampur police station) এটা তিনিজনীয়া দল ৷ কামপুৰ থানাৰ সমীপৰে মধুপুৰ অঞ্চলত হঠাৎ বাঢ়নী পানীৰ কোবাল সোঁতত পৰি যায় কনিষ্টবল ৰাজীৱ বৰদলৈ । লগেলগে কনিষ্টবলজনক উদ্ধাৰ কৰিবলৈ গৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতীও পানীৰ সোঁতত উটি যায় ৷