নগাঁও,২৬ মে' :বুধবাৰে নিশাও নগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰে আন দুজনকৈ অভিযুক্তক (Two persons involved in Batdrava incident apprehended)। বটদ্ৰৱাৰ হাইডুবিৰ পৰা নিশা নগাঁও আৰক্ষীয়ে আটক কৰে জেহেৰুল ইছলাম নামৰ এজন অভিযুক্তক । পৰবৰ্তী সময়ত পুনৰ নিশাই বটদ্ৰৱাৰ ভোমুৰাগুৰিৰ পৰা আটক কৰে উমৰ ফাৰুক নামৰ আন এজন অভিযুক্তক । আটক কৰা দুয়োজনকে নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ।
বটদ্ৰৱা কাণ্ডৰ ৫ দিন উকলিল (Batadrava incident)। ইতিমধ্যে বটদ্ৰৱা থানা জ্বলাই দিয়াৰ লগত জড়িত কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে । এই ঘটনাক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত উত্তেজনা এতিয়াও অব্যাহত আছে । এই কাণ্ডক লৈ বিভিন্ন জনে প্ৰতিক্ৰিয়া কৰিছে । সমগ্ৰ দেশ কঁপাই যোৱা এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াও তীব্ৰ গতিত আগবাঢ়িছে । প্ৰতি নিশাই গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন অভিযুক্ত ।
উল্লেখ্য যে, শনিবাৰে নগাঁৱৰ বটদ্ৰৱাত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা । বটদ্ৰৱাৰ ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ যুৱকজনৰ মৃত্যুৰ পিছতেই আৰক্ষী থানাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । একাংশ উদণ্ড লোকে আৰক্ষী থানাত আক্ৰমণ কৰাৰ উপৰিও পেট্ৰ'ল ঢালি জ্বলাই দিছিল থানা (Public sets fire in Batadrava police station)। জ্বলি ছাই হৈছিল আৰক্ষী থানাত থকা গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰ ।