অসম

assam

By

Published : Aug 26, 2021, 11:23 AM IST

ETV Bharat / state

নগাঁৱত চালকৰ ভুৱা অনুজ্ঞাপত্ৰ প্ৰস্তুত কেন্দ্ৰ উৎখাত

সহজ উপায়েৰে অনুজ্ঞাপত্ৰ(Licence) লাভ কৰিবলৈ ধন খৰচ কৰিছে নেকি আপুনি ? অনুজ্ঞাপত্ৰ উলিওৱাৰ সময়ত সাৱধান হওক আপুনিও ৷ নগাঁৱত গাড়ীৰ ভুৱা প্ৰমাণ পত্ৰ তথা অনুজ্ঞাপত্ৰৰ নামত ৰঙাঘৰৰ আলহী হ’ল দুজনকৈ লোক ৷ চাওক এই প্ৰতিবেদন...

two-people-arrested-in-the-connection-with-fake-driving-licence-in-nagaon
নগাঁৱত চালকৰ ভুৱা অনুজ্ঞাপত্ৰ প্ৰস্তুত কেন্দ্ৰ উৎখাত

নগাঁও, 26 আগষ্ট : যাৱতীয় নথিপত্ৰ নাথাকিলেও গাড়ীচালকৰ প্ৰমাণ পত্ৰ তথা অনুজ্ঞাপত্ৰ লাভ কৰিব পৰা যায় । এইখন অসমতে আপুনিও লাভ কৰিব এনে সুবিধা ৷ কেৱল ধন দিলেই পোৱা যায় চালকৰ অনুজ্ঞাপত্ৰ । পৰিবহন বিভাগৰ নাকৰ তলেৰে চলি আছে যান-বাহন চালকৰ ভুৱা অনুজ্ঞাপত্ৰৰ বেহা ।

শেহতীয়াকৈ ভুৱা অনুজ্ঞাপত্ৰ(Fake Driving Licence) প্ৰস্তুত কৰা কেন্দ্ৰ উৎখাত কৰা হৈছে নগাঁও চহৰত ৷ বুধবাৰে যান-বাহন চালকৰ ভুৱা অনুজ্ঞাপত্ৰ প্ৰস্তুত কৰা কেন্দ্ৰ উৎখাত নগাঁও আৰক্ষীৰ(Nagaon Police) ৷ লগতে কেন্দ্ৰটোৰ পৰা দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

নগাঁৱত চালকৰ ভুৱা অনুজ্ঞাপত্ৰ প্ৰস্তুত কেন্দ্ৰ উৎখাত

জানিব পৰা মতে, মঙলবাৰে আৰক্ষীৰ যান-বাহন শাখাই নিয়মীয়া তালাচীৰ সময়ত আটক কৰা চৰিফুল ইছলাম নামৰ এজন টেম্প’ চালকৰ পৰা এখন ভুৱা অনুজ্ঞাপত্ৰ জব্দ কৰিছিল । উক্ত ভুৱা অনুজ্ঞাপত্ৰখনৰ অনুসন্ধান আৰম্ভ কৰাত উন্মোচিত হয় ভুৱা অনুজ্ঞাপত্ৰৰ বেহাৰ তথ্য । ইয়াৰ পাচতে আটকাধীন চালকজনক জেৰা কৰি ভুৱা অনুজ্ঞাপত্ৰৰ বেহাৰ বহু তথ্য লাভ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক:নলবাৰীৰ চুৰি হোৱা 17 খন বাইক উদ্ধাৰ আৰক্ষীৰ

আৰক্ষীৰ জেৰাত চালকজনে অনুজ্ঞাপত্ৰখন নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী চিলঙনিৰ এজন লোকৰ ডি টি পি কেন্দ্ৰৰ পৰা 8 হাজাৰ টকা দি সংগ্ৰহ কৰা বুলি স্বীকাৰোক্তি দিয়ে । চালকজনৰ স্বীকাৰোক্তিৰ পাচতে বুধবাৰে আৰক্ষীয়ে ডি টি পি কেন্দ্ৰটোত অভিযান চলাই কেন্দ্ৰটোৰ স্বত্বাধিকাৰী আশ্ৰাফুল ৰহমানক আটক কৰে ।

আটকাধীন আশ্ৰাফুলৰ ডিটিপি কেন্দ্ৰৰ পৰা আৰক্ষীয়ে 3 খন ভুৱা যান-বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ, 3 খন ভুৱা পান কাৰ্ড আৰু যথেষ্ট পৰিমাণে আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে । ভুৱা অনুজ্ঞাপত্ৰ সন্দৰ্ভত অধিক ৰহস্য ফাদিল কৰিবৰ বাবে ডি টি পি কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু চালকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, আৰক্ষীৰ জেৰাত আৰু বহু তথ্যই পোহৰলৈ অহাৰ সম্ভাৱনা আছে । নগাঁৱৰ বিভিন্ন প্ৰান্তত আৰু আছে নেকি এনে বহু ভুৱা অনুজ্ঞাপত্ৰ প্ৰস্তুত কৰা কেন্দ্ৰ? সাৱধান হওক নগাঁওবাসী ৰাইজ । সহজ উপায়েৰে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ খৰচ নকৰিব গাঁঠিৰ ধন । নহ’লে আপুনিও হ’ব পাৰে ৰঙাঘৰৰ আলহী ।

লগতে পঢ়ক:স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড: একেদিনাই প্ৰদান কৰিলে দুটাকৈ ভেকচিন

ABOUT THE AUTHOR

...view details