অসম

assam

ETV Bharat / state

কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ

ইয়াৰে ইয়াৰে এগৰাকী মহিলা আৰু আনগৰাকী বহিঃ ৰাজ‍্যৰ পৰা অহা যুৱক।

By

Published : Jun 20, 2020, 10:47 AM IST

Two more covid-19 cases found in Kaliabaor
কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ

কলিয়াবৰ, 20 জুনঃ ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰে কলিয়াবৰত পুনৰ 2 জন লোকৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰে এগৰাকী মহিলা আৰু আনগৰাকী বহিঃ ৰাজ‍্যৰ পৰা অহা যুৱক। জানিব পৰা মতে, কুঁৱৰীটোল অঞ্চলৰ বেগম উপাধিৰ মহিলাগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ‍্যালয়ত চিকিৎসাধীন হৈ থকাৰ পিচত যোৱা 17 জুনত নিজ ঘৰলৈ উভতি আহিছিল‌ । গুৱাহাটীত দি অহা স্বাৱ পৰীক্ষাৰ ফলাফল শুকুৰবাৰে লাভ কৰাৰ পিছতে মহিলা গৰাকীৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷

কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ

আনহাতে, বহিঃ ৰাজ‍্যৰ পৰা আহি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত থকাৰ পিচত বিধি অনুসৰি স্বাৱ লৈ প্ৰশাসনে হ'ম কোৱাৰেণ্টাইনত থাকিবলৈ দিছিল যুৱকজনক। কিন্তু অভিযোগ অনুসৰি, হ'ম কোৱাৰেণ্টাইনৰ নীতি-নিৰ্দেশনা উলংঘা কৰি ঘূৰি ফুৰিছিল কলিয়াবৰৰ বৰভগীয়াৰ বৰা উপাধিৰ যুৱকজনে । শুকুৰবাৰে যুৱকজনৰ দেহত কোভিড - 19 ৰ উপস্থিতি ধৰা পৰাৰ পাছতে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰশাসনে ৷ নীতি মতে সাতদিন কোৱাৰেণ্টাইনত থকাৰ পিচত 14 দিন হ'ম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়াৰ পৰিৱৰ্তে স্বাৱ পৰীক্ষাৰ ফলাফল অহাৰ পিচতহে হ'ম কোৱাৰেণ্টাইন কৰা উচিত বুলি সৰ্বত্ৰে আলোচনা হৈছে।

লগতে পঢ়কঃ চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details