নগাওঁ, 9 জুলাই: মঙলবাৰে পুৱাই পথৰ দাঁতিত উদ্ধাৰ হয় হৃদয়হীন পিতৃয়ে এৰি থৈ যোৱা দুটাকৈ কণমানি । উৰিয়াগাঁও বাইপাছত উদ্ধাৰ হোৱা কণমানি দুটাৰ পৰিচয় উদ্ধাৰ হয় ই টি ভাৰতত সম্প্ৰচাৰ হোৱা বাতৰিৰ পিছতেই । শিশু দুটা বাগৰিৰ চনম কৰ্মকাৰ আৰু ৰাহুল কৰ্মকাৰ। নিশা পিতৃ কিৰণ কৰ্মকাৰে এৰি থৈ যোৱা শিশু দুটাই পথৰ দাঁতিত কান্দি থকা অৱস্থাত উদ্ধাৰ কৰি স্থানীয় লোকে চমজাই দিয়ে চাইল্ড লাইনক । পুনৰ এনে আন এক ঘটনাই লজ্জানত কৰিছে মানৱতাক । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এটি তিনিমহীয়া দেৱ শিশুক নিজ পিতৃয়ে এৰি থৈ যোৱাৰ ঘটনা সংঘটিত হৈছে নগাঁৱত ।
নগাঁৱত মানৱতাক লজ্জানত কৰা দুটাকৈ ঘটনা
মঙলবাৰৰ দিনটোত মানৱতাক লজ্জানত কৰা দুটাকৈ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । পুৱাই পথৰ দাঁতিত দুটাকৈ শিশু উদ্ধাৰ হোৱাৰ পিছতেই আন এক হৃদয়হীন পিতৃয়ে এৰি থৈ যোৱা এটি তিনিমহীয়া শিশু উদ্ধাৰ হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ।
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মাতৃ চিকিৎসাধীন হৈ থকাৰ সময়ত মফিজুদ্দিন নামৰ লোকজনে আন এগৰাকী মহিলাৰ হাতত দি পলায়ন কৰে চিকিৎসালয়ৰ পৰা । পিতৃৰ পৰিচয় উদ্ধাৰ হৈছে যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিষ্ঠুৰ পিতৃ মফিজ উদ্দিন । তিনিমহীয়া দেৱশিশুটিক অৱশেষত চমজাই দিয়া হয় চাইল্ড লাইনত । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
মঙলবাৰৰ দিনটোত নগাঁৱত দুই পিতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা কণমানি উদ্ধাৰ হোৱা ঘটনাক লৈ অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়া । সকলোৰে দাবী দৃষ্টান্তমূলক শাস্তি হব লাগে দুই পিতৃৰ ।