অসম

assam

ETV Bharat / state

Crime in Nagaon: নগাঁৱত তীৰৰ সাম্ৰাজ্যত আৰক্ষীৰ অভিযান - Anti Gambling game mission in Assam

নগাঁৱত চলি আছিল তীৰৰ মুকলি বেহা (Open Gambling in Nagaon town)। আনন্দ মিশ্রৰ বদলিৰ পিচতেই নগাঁৱৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছিল তীৰৰ বুকি। অৱশেষত নগাঁৱৰ তীৰৰ সাম্ৰাজ্যত অভিযান নৱনীত মহন্তৰ।

Anti Gambling game mission in Assam
নগাঁৱৰ বিভিন্ন প্ৰান্তত অসামাজিক কাৰ্যকলাপ

By

Published : Jun 3, 2023, 1:33 PM IST

নগাঁৱৰ বিভিন্ন প্ৰান্তত অসামাজিক কাৰ্যকলাপ

নগাঁও, ৩ জুন:নগাঁৱৰ তীৰৰ সাম্ৰাজ্য উৎখাতৰ লক্ষৰে অভিযান আৰম্ভ কৰিলে নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তই (Anti Gambling game mission in Assam) । বিগত কিছুদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত ড্ৰাগছকে ধৰি অন্যান্য অসামাজিক কাৰ্যকলাপৰ লগতে গঢ়ি উঠিছিল তীৰৰ সাম্ৰাজ্য । নগাঁৱৰ অলিয়ে গলিয়ে থকা পান দোকান, তামোলৰ দোকানত উপলব্ধ হৈ পৰিছিল তীৰৰ টিকট । পূৰ্বৰ আৰক্ষী অধীক্ষকৰ কাৰ্যকালতে নগাঁৱত গঢ় লৈ উঠিছিল তীৰৰ সাম্ৰাজ্য । অৱশেষত ড্ৰাগছৰ সমান্তৰালকৈ তীৰৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে (Gambling game in Nagaon) ।

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নৱনীত মহন্তই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচতেই অবৈধ তীৰ-জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান আৰম্ভ কৰিছে । নগাঁৱত নিষিদ্ধ তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰ হৈ পৰিছে (Gambler arrested in Nagaon)। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই বিগত সময়ত নগাঁৱত তীৰৰ বৃহৎ সাম্ৰাজ্য গঢ়ি উঠিছিল । নগাঁৱৰ নতুন আৰক্ষী অধীক্ষৰ নিৰ্দেশতে জিলাখনত তীৰৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে । শেহতীয়াভাৱে তীৰৰ ব্যৱসায়ৰ লগত জড়িত কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

বিগত কেইদিনমানত কেইবাজনো তীৰ ব্যৱসায়ীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । শুক্ৰবাৰেও নগাঁও চহৰৰ জ্যোতিনগৰ আৰু বৰবজাৰৰ পৰা দুজন তীৰ ব্যৱসায়ৰ লগত জড়িত লোকক নগাঁও সদৰ থানাৰ আৰক্ষীয়ে আটক কৰে । আটক হোৱা লোক দুজন হৈছে বিমল দে আৰু মজিবুৰ ৰহমান । তীৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিলেও তীৰৰ সাম্ৰাজ্যৰ লগত জড়িত ৰৌ-বৰালি এতিয়াও জালত পৰিবলৈ বাকী বুলি চৰ্চিত হৈছে।

উল্লেখযোগ্য যে, ড্ৰাগছৰ সমান্তৰালকৈ তীৰৰ বিৰুদ্ধে আৰম্ভ হোৱা নগাঁও আৰক্ষীৰ অভিযান সম্পূৰ্ণ নিৰ্মূল নোহোৱালৈকে অব্যাহত থাকিব । অৱশ্যে নৱনীত মহন্তৰ নেতৃত্বৰ নগাঁও আৰক্ষীয়ে নগাঁৱক ড্ৰাগছ মুক্ত কৰাৰ লগতে অপৰাধমুক্ত কৰাত কিমান সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Kanchanjangha summiters from Assam:কাঞ্চনজংঘাৰ শিখৰত উৰিল অসমীয়াৰ মান গামোচা ও দেশৰ ৰাষ্ট্ৰীয় পতাকা

ABOUT THE AUTHOR

...view details