নগাঁও, 20 মে' :ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । বৃহস্পতিবাৰে দুপৰীয়া নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য জব্দ কৰে ৷ নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাস আৰু মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত চলোৱা অভিযানত নগাঁও চহৰৰ কছলুখোৱাৰ পৰা জব্দ কৰা হয় নিচা জাতীয় দ্ৰব্য ৷
নগাঁৱত নিচা জাতীয় দ্ৰব্যসহ আটক দুই সৰবৰাহকাৰীক
ড্ৰাগছ সৰবৰাহ আৰু অন্যান্য অপৰাধৰ ঘাটিলৈ পৰিণত হৈছে নগাঁৱৰ একাংশ অঞ্চল ৷ নগাঁও চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ ব্যৱসায়, চুৰি-ডকাইতিৰ লগতে বিভিন্ন অনৈতিক কাৰ্য ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ কুটিল হাতোৰাত বন্দী হৈছে জিলাখনৰ যুৱ প্ৰজন্ম ৷ বৃহস্পতিবাৰে মাৰাত্মক ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত দুজন যুৱকক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷
নগাঁৱত নিচা জাতীয় দ্ৰব্য সহ আটক দুই সৰবৰাহকাৰীক
ইয়াক লগতে এই দ্ৰব্য খিনি সৰবৰাহৰ লগত দুজনক আটক কৰা হয় ৷ সৰবৰাহকাৰী দুটাৰ নাম পাপু নাথ আৰু অজিত কুমাৰ দাস বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷ উল্লেখ্য যে, বুধবাৰেও নগাঁও জিলাৰ কদমনিৰ পৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল এটা ড্ৰাগছ সৰবৰাহকাৰী ৷
লগতে পঢ়ক : ক'ভিড-১৯: বিগত চাৰি দিনৰ তুলনাত মৃ্ত্যুৰ সংখ্যা হ্ৰাস
Last Updated : May 20, 2021, 4:03 PM IST