অসম

assam

ETV Bharat / state

ৰাঙলুত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

মঙলবাৰে ৰাঙলু বজাৰ অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক আৰক্ষীৰ ৷ বৰ্তমানেও পলাতক অৱস্থাত ড্ৰাগছ ব্যৱসায়ৰ সৈতে আন দুজন সৰবৰাহকাৰী ৷

By

Published : Apr 21, 2021, 2:36 PM IST

Updated : Apr 21, 2021, 2:47 PM IST

drugs supplier arrested
ৰাঙলুত ড্ৰাগছ সৰবৰাহকাৰী আটক

বঢ়মপুৰ,21 এপ্ৰিল : নগাঁও জিলাৰ ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙলু বজাৰ অঞ্চলৰ পৰা মঙলবাৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ আটক হয় দুই সৰবৰাহকাৰী ৷ গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী দুজনক ৷

আটকাধীন সৰবৰাহকাৰী দুজনৰ নাম ইডুল হক আৰু মহিবুল্লাহ বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰী দুজনৰ পৰা 16 চিচি নিচাযুক্ত দ্ৰব্য (ড্ৰাগছ) জব্দ কৰে আৰক্ষীয়ে ৷

ৰাঙলুত ড্ৰাগছ সৰবৰাহকাৰী আটক

আনহাতে আটকাধীন দুজনৰ সৈতে ড্ৰাগছৰ ব্যৱসায়ত জড়িত আন দুজন সৰবৰাহকাৰী আইজুল হক আৰু মইনা বৰ্তমানেও পলাতক অৱস্থাত আছে । আটকাধীন দুজনক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :ক’ভিড প্ৰট’কল সম্পৰ্কে কি ক’লে মাধুৰীমা চৌধুৰীয়ে?

Last Updated : Apr 21, 2021, 2:47 PM IST

ABOUT THE AUTHOR

...view details