কলিয়াবৰ, ৫ জুলাই :মঙলবাৰে কলিয়াবৰৰ দুটা পৃথক স্থানত সংঘটিত হয় ভয়ংকৰ দুটা পথ দুৰ্ঘটনা (Road Accident at Kaliabor) ৷ যাৰ ফলত অঞ্চলটোত সৃষ্টি হয় এক হুৱাদুৱা পৰিস্থিতিৰ ৷ তথ্য অনুসৰি, মঙলাবাৰে উজনিমুখী এখন যাত্ৰীবাহী বাছে মহতিয়াই নিয়ে কলিয়াবৰৰ এজন পথাচাৰীক । চতিয়ালত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোত আহত হয় কলিয়াবৰৰ বৰুৱাচুকৰ ভূৱন বৰা নামৰ এজন লোক ৷ আহত ভূৱন বৰাক জখলাবন্ধা হাস্পতালত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত অতি সংকটজনক অৱস্থাত তেওঁক তেজপুৰলৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছখনৰ নম্বৰ হৈছে এ.এচ. ৩০১৫৪৪ ।
আনহাতে, তেজপুৰ সংযোগী ৩৭ (ক) নং ৰাষ্ট্ৰীয় পথৰ কলিয়াবৰৰ হাতীবন্ধাত মঙলবাৰে সংঘটিত হয় দ্বিতীয়টো পথ দুৰ্ঘটনা । ডাম্পাৰ আৰু তেল ট্ৰেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো । এই পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাগ্ৰস্ত ট্ৰেংকাৰখনৰ চালক ৷
লগতে পঢ়ক :Road Accident at Bihpuria: বিহপুৰীয়াত এম্বুলেঞ্চে খুন্দিয়ালে ব্যক্তিগত বাহনত