বঢ়মপুৰ, 31 মে’:নগাঁও জিলাৰকামপুৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা । দেওবাৰে কামপুৰৰ হাৰিয়া আৰু বৰপানী নৈৰ বাঢ়নী পানীত পৰি কৰুণ মৃত্যু ঘটে দুটি শিশুৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, হাৰিয়া নৈৰ বাঢ়নী পানীত উটি যোৱা এটি হাঁহ ধৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয় ৰূপজ্যোতি লস্কৰ নামৰ শিশুটিয়ে ।
কামপুৰত বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজনৰ - বাঢ়নী পানী
দেওবাৰে কামপুৰত বাঢ়নী নৈৰ পানীত পৰি মৃত্যু ঘটে দুটাকৈ শিশুৰ ৷ বৰ্তমান দুয়োটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে । তিনিদিনৰ ভিতৰত অঞ্চলটোত প্ৰায় তিনিজনকৈ লোকে এইদৰে বাঢ়নী পানীৰ সোঁতত প্ৰাণ হেৰুৱাবলগা হৈছে ৷
বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজনৰ
আনহাতে, কচুৱাৰ গেৰজাইপামতো পানীত পৰি মৃত্যু ঘটে মহম্মদ ওমৰ নামৰ এটি শিশুৰ । বৰ্তমান দুয়োটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, দুদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰে অঞ্চলটোত ৰাতুল ডেকা নামৰ এজন ব্যক্তিয়ে বাঢ়নী পানীৰ সোঁতত পৰি মৃত্যুক আঁকোৱালি লৈছিল ৷
লগতে চাওকঃবানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল