নগাঁও , 5 জুনঃ নগাঁৱৰ জাজৰিত কৰ্তব্যৰত গাঁওৰক্ষী বাহিনীৰ সম্পাদকক মৰিয়াই হত্যা কৰা দুই আৰক্ষী জোৱানক শুকুৰবাৰে হাজিৰ কৰোৱা হয় নগাঁও আদালতত ৷ অভিযুক্ত আৰক্ষী পৰেশ শৰ্মা আৰু আতাউৰ ৰহমানক আৰক্ষীয়ে চাৰিদিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আৰক্ষীয়ে তিনি দিনৰ বাবে জিম্মালৈ প্ৰেৰণ কৰে দুয়োকে ৷
জাজৰিকাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ - জাজৰিকাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ
বৃহস্পতিবাৰে নিশা মৃত্যুক সাবটিলে জাজৰিত আৰক্ষীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণী বৰাই ৷ শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰোৱা হ’ল অভিযুক্ত দুই আৰক্ষীক ৷
শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰোৱা হ’ল অভিযুক্ত দুই আৰক্ষীক
উল্লেখ্যযোগ্য যে,মঙলবাৰে নিশা কৰ্তব্যৰত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণী বৰাক সামান্য বাক-বিতণ্ডাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল দুয়োগৰাকী আৰক্ষী বিষয়াই ৷ চিকিৎসালয়ত মৃত্যুৰে যুঁজি বৃহস্পতিবাৰে সন্ধিয়া মৃত্যু হৈছিল ফণী বৰাৰ ৷
লগতে পঢ়কঃ বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্ৰক হোম কোৱাৰেণ্টাইন