অসম

assam

ETV Bharat / state

অচিন ৰোগত আক্ৰান্ত এটি পৰিয়ালৰ দুটি কৈ শিশু

জন্মৰে পৰা দুৰ্ভাগ্যই লগ নেৰা একেখন ঘৰৰে দুটি কণমানি ৷ কণমানি শিশু দুটি আক্ৰান্ত হৈছে এক জটিল ৰোগত ৷ চিকিৎসাৰ বাবে দিন হাজিৰা কৰা মাতৃৰ নাই সাঁচতীয়া ধন ৷

Two children suffering from undiagnosed disease
এটি পৰিয়ালৰ দুটি কৈ শিশু আক্ৰান্ত জটিল ৰোগত

By

Published : Jun 28, 2021, 9:39 PM IST

কলিয়াবৰ, 28 জুন : জোন-তৰা-বেলিৰ সাধু শুনাৰ পৰত, পখিলা খেদাৰ বয়সতে দুটি দুৰ্ভগীয়া শিশুৰ জীৱনলৈ নামি আহিছে এক ভয়াৱহ যন্ত্ৰণা ৷ সম্বন্ধত ককায়েক-ভনীয়েক দুই কণমানি আক্ৰান্ত হৈছে জটিল ৰোগত ৷ কলিয়াবৰৰ ভৰিধোৱা গাঁৱৰ জোস্না দাসৰ দুই সন্তান দহবছৰীয়া পঞ্চানন দাস আৰু সাত বছৰীয়া টুম্পা দাসৰ দেহৰ অচিন ৰোগে দেখা দিয়াত অসহায় হৈ পৰিছে দুৰ্ভগীয়া মাতৃগৰাকী ।

জন্মৰে পৰা পঞ্চাননৰ দেহৰ ছালত এক অচিন ৰোগ লক্ষ্য কৰিছিল পৰিয়ালটোৱে । আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসা কৰিবলৈ অসমৰ্থ দুভৰ্গীয়া পৰিয়ালটোৱে যথেষ্ট কষ্টৰে চিকিৎসা চলাইছিল যদিও, পৰৱৰ্তী সময়ত সাতবছৰীয়া কন্যা সন্তান টুম্পাৰ দেহতো দেখা দিয়ে আন এক জটিল ৰোগে । টুম্পাই কাণেৰে নুশুনাৰ লগতে মুখেৰেও মাতিব নোৱাৰে । যাক লৈ এতিয়া বিপাঙত পৰিছে দিন হাজিৰা কৰা মাতৃ জোস্না দাস ।

এটি পৰিয়ালৰ দুটি কৈ শিশু আক্ৰান্ত জটিল ৰোগত

উল্লেখযোগ্য যে, তিনি বছৰ পূৰ্বে জোস্না দাসৰ স্বামী গোবিন্দ দাসে পত্নী আৰু সন্তান চাৰিটাক এৰি থৈ ঘৰৰ পৰা অন্তৰ্ধান হয় । তেতিয়াৰে পৰা চাৰিটাকৈ সন্তান বুকুত সাৱটি জোস্না দাসে অতি কষ্টৰে দিন হাজিৰা কৰি পৰিয়ালটো চলাই নিছে যদিও ৰোগাক্ৰান্ত দুই সন্তানক লৈ পৰিছে বিপদত । তাৰোপৰি ৰোগাক্ৰান্ত দুই ভাতৃ-ভগ্নীক চোৱা-চিতা কৰিবৰ বাবেই পঞ্চম মানতে পঢ়া সামৰিব লগা হয় ডাঙৰ কন্যাই ।

লোকৰ ঘৰত কাম কৰি কোনো মতে পৰিয়ালটো পোহপাল দি আহিছিল মাতৃ জোস্না দাসে ৷ পুৱাই দিন হাজিৰা কৰিবলৈ ওলাই যোৱা জোস্না দাসৰ দুই সন্তানৰ চিকিৎসাৰ বাবে নাই সাঁচতীয়া ধন । যাৰ বাবে এতিয়া স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকে ধৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মাতৃগৰাকীয়ে জনাইছে ৰোগাক্ৰান্ত দুই সন্তানৰ চিকিৎসা সাহায্যৰ আহ্বান ৷ লগতে অসমবাসী ৰাইজৰ পৰাও বিচাৰিছে সহায়ৰ হাত ।

যদি কোনো ব্যক্তিয়ে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহ’লে জোৎস্না দাসৰ নামত থকা ইউনাইটেড বেংকৰ আমবাগান শাখাৰ ACCOUNT NUMBER 0780010170500, IFC CODE PUNB0078020 ত আৰ্থিক সাহায্য আগবঢ়াব পাৰে ৷ অথবা 6003669984 নম্বৰত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া জোৎস্না দাসে ৷

লগতে পঢ়ক: এক লাখ নিযুক্তি : মুখ্য সচিবৰ নেতৃত্বত ক'ৰ কমিটি গঠন

ABOUT THE AUTHOR

...view details