নগাঁও, ১২ এপ্ৰিল:গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী (Cattle Smuggling in Assam)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই আৰক্ষী তৎপৰ হৈ পৰিছিল গৰু ছিণ্ডিকেট বন্ধ কৰাত ৷ কিন্তু তাৰ মাজতে আৰক্ষীৰ নাকৰ তলেৰেই একাংশই নিতৌ ন ন কৌশলেৰে চলাই গৈছে চোৰাং সৰবৰাহ । অৱশ্যে ইতিমধ্যে বহুকেইটা গৰু সৰবৰাহকাৰী আৰক্ষীৰ অভিযানকালত এনকাউন্টাৰত নিহত আৰু আহত হৈছে ৷
গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্য়াহত ৰাখিছে নগাঁও আৰক্ষীয়ে । এইবাৰ নগাঁও আৰক্ষীৰ জালত পৰিল দুখনকৈ গৰুভৰ্তি ট্ৰাক(Nagaon Police seized two trucks full of cows) । সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই গৰু কঢ়িয়াই অনা বাহন দুখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে চোৰাংকৈ সৰবৰাহ কৰা ৪২ টাকৈ গৰু ।