নগাঁও,25অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে নগাঁৱত একাংশই অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ। দেওবাৰে নগাঁৱৰ নগৰ আৰক্ষীৰ উপ-পৰিদৰ্শক কুন্দল ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুই ড্ৰাগছ সৰবৰাহকাৰী ।
নগাঁও আৰক্ষীৰ অভিযানত আটক দুই ড্ৰাগছ ব্যৱসায়ী - নগাঁৱৰ মধুপুৰ ৰেললাইন
এখন স্কুটিৰে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ দলটোৱে নগাঁৱৰ মধুপুৰ ৰেল লাইনৰ সমীপৰ পৰা সৰবৰাহকাৰী দুজনক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা স্কুটিখনো জব্দ কৰিবলৈ সক্ষম হয়।
নগাঁও আৰক্ষীৰ অভিযানত আটক দুই ড্ৰাগছ ব্যৱসায়ী
এখন স্কুটিৰে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ দলটোৱে নগাঁৱৰ মধুপুৰ ৰেললাইনৰ সমীপৰ পৰা সৰবৰাহকাৰী দুজনক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা স্কুটিখনো জব্দ কৰিবলৈ সক্ষম হয় । নগাঁৱৰ গান্ধীনগৰ ছাইফুল ইছলাম আৰু চকীটুপৰ জয়নাল উদ্দিন নামৰ ধৃত সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীৰ দলটোৱে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যও জব্দ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়কঃ বাঘেশ্বৰী মন্দিৰত নৱমী পূজা সম্পন্ন
Last Updated : Oct 26, 2020, 10:35 AM IST