ধিঙত দিন দুপৰতে গুলীচালনা কৰা দুই ছাত্ৰত আটক নগাঁও, 27 জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনাই ধিঙৰ উধানতলাত সংঘটিত গুলীচালনাক লৈ সমগ্ৰ অঞ্চলটোতে অব্যাহত আছে চাঞ্চল্য (Dhing firing incident )। গুলীচালনাৰ ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে নিশাটোৰ ভিতৰতে দুই অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ধিং আৰক্ষী । নিশা বৰবিল কছাৰীবাৰীৰ পৰা ধিং আৰক্ষীয়ে দুই অভিযুক্ত ছামিম আখতাৰ আৰু ৰাহুল আমিনক আটক কৰিবলৈ সক্ষম হয় (Two arrested on related to Dhing incident)৷ গ্ৰেপ্তাৰ কৰা দুয়ো অভিযুক্ত উচ্চতৰ মাধ্যমিকৰ ছাত্র বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
ধিঙৰ উধানতলাত দিন দুপৰতে দুৰ্বৃত্তই পত্নীৰ সন্মুখতেই এগৰাকী লোকক গুলীয়াই থৈ গৈছিল ৷ অস্ত্ৰধাৰী দুই যুৱকে পত্নী সন্তানৰ সন্মুখতেই গুলীয়াই আহত কৰিছিল ৱাহিদুৰ ইছলাম নামৰ এজন লোকক । ঘটনাৰ বিৱৰণী অনুসৰি ৱাহিদুলে পত্নীৰ লগতে কণমানি কন্যা সন্তানৰ সৈতে পথাৰত কৃষিকৰ্মত ব্যস্ত হৈ থকাৰ সময়তে দুই অভিযুক্ত ছামিম আৰু ৰাহুলে ৱাহিদুলক প্ৰথমে বাইকেৰে আহি খুন্দিয়াই ৷ পিচত প্ৰাণৰ মমতাত ৱাহিদুলে দৌৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে পত্নী আৰু কন্যা সন্তানৰ সম্মুখতে ৱাহিদুল ইছলামলৈ লক্ষ্য কৰি যুৱক দুজনে গুলীচালনা কৰে (One injured in firing at Dhing) ।
দুৰ্বৃত্তৰ গুলীত ধৰাশায়ী হৈ পৰা ৱাহিদুল ইছলামক লগে লগে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় । সম্প্ৰতি নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে দুৰ্বৃত্তৰ গুলীত আহত ৱাহিদুল ইছলাম (Injured hospitalized in Private hospital) । ঘটনা সংঘটিত কৰাৰ পিছতেই ধিং আৰক্ষীৰ (Dhing police) এটা দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছিল অনুসন্ধান। গুলীচালনা সংঘটিত কৰিয়েই পলায়ন কৰা যুৱক দুজনৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাইছিল ধিং আৰক্ষীয়ে।
একে নিশাই বৰবিল কছাৰীবাৰীৰ পৰা ধিং আৰক্ষীয়ে দুই অভিযুক্ত ছামিম আখতাৰ আৰু ৰাহুল আমিনক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি অভিযুক্ত ছামিম আৰু ৰাহুলৰ বিৰুদ্ধে ধিঙৰ চৰাঞ্চলত গুণ্ডাৰাজ চলোৱাৰো অভিযোগ পুৰ্বৰে পৰা উত্থাপিত হৈ আহিছিল (Firing incident on Republic Day)। ইপিনে দুৰ্বৃত্তই কি কাৰণত ৱাহিদুলক গুলীচালনা কৰিছিল সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে (Police investigation is on Dhing incident)।
লগতে পঢ়ক:Firing at Dhing: পত্নী-কন্যাৰ সমুখতেই দুৰ্বৃত্তই গুলীয়ালে ৱাহিদুলক; অৱস্থা গুৰুতৰ