সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ - সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ
13:40 October 14
নগাঁৱত সংখ্যালঘূ বৃত্তিৰ ধন আত্মসাৎ সন্দৰ্ভত আৰক্ষীৰ তদন্ত । দুজনক গ্ৰেপ্তাৰ । আৰক্ষীয়ে জব্দ কৰিছে বহু আপত্তিজনক নথি পত্ৰ আৰু এ টি এম ৷
নগাঁও, 14 অক্টোবৰ : সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো সংঘটিত হোৱা বৃহৎ কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ নিশা নগাঁও আৰক্ষীৰ এটা দলে ভূঞাপট্টিত অভিযান চলায় ৷ ভূঞাপট্টিস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত অভিযান চলাই আৰক্ষীৰ দলটোৱে জব্দ কৰে বহুসংখ্যক এ টি এমৰ লগতে বহু নথিপত্ৰ ৷ লগতে গ্ৰহকসেৱা কেন্দ্ৰটোৰ দুজনকৈ কৰ্মচাৰীকো সোধ-পোচৰ বাবে আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জব্দ কৰিছে বহু আপত্তিজনক নথি পত্ৰ আৰু এ টি এম ৷ সংখ্যালঘূ ছাত্ৰ বৃত্তি কেলেংকাৰীৰ অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আটকাধীন লোক দুজনক কৰা সোধ-পোছৰ অন্তত মাজনিশা জুৰীয়াৰ আলিটাঙনিৰ আমাদুল ইছলাম আৰু লাহৰীঘাটৰ ৰয়ামুদ্দিন নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক :অসমৰ সীমাত থকা বনাঞ্চলত বেদখল মিজোৰ