নগাঁও, 17 অক্টোবৰ:ডকাইটিৰ অভিযোগত দুগৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ নগাঁও আৰক্ষীৰ ৷ 11 অক্টোবৰত নগাঁৱৰ বাইপাছত সংঘটিত এক ডকাইটিৰ ঘটনাৰ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে শনিবাৰে দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুগৰাকী বামুনগাঁৱৰ মুন বৰা আৰু উজৰাগাঁৱৰ উৎপল বৰা বুলি জানিব পৰা গৈছে ৷
ডকাইটিৰ অভিযোগত দুগৰাকীক জেললৈ প্ৰেৰণ নগাঁও আৰক্ষীৰ - নগাঁও সদৰ আৰক্ষী
ডকাইটিৰ অভিযোগত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে নগাঁও আৰক্ষীয়ে ৷ নগাঁৱৰ বাইপাছত সংঘটিত এক ডকাইটিৰ ঘটনাৰ সন্দৰ্ভত লোক দুগৰাকীক গ্ৰেপ্তাৰ ৷ শনিবাৰে 2405/20 নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত লোক দুগৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ ৷
![ডকাইটিৰ অভিযোগত দুগৰাকীক জেললৈ প্ৰেৰণ নগাঁও আৰক্ষীৰ ডকাইটিৰ অভিযোগত দুগৰাকীক জেললৈ প্ৰেৰণ নগাঁও আৰক্ষীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9214800-324-9214800-1602948290055.jpg)
নগাঁও সদৰ আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি বিগত ১১ অক্টোবৰত নগাঁও বাইপাছত এটা ডকাইতিৰ ঘটনা সংঘটিত হৈছিল। গুৱাহাটীৰ পৰা হোজাই অভিমুখে গৈ থকা আৰচান আলি নামৰ এগৰাকী লোকৰ গাড়ী ৰখাই মহিন্দ্ৰা ফাইনেঞ্চৰ মানুহ বুলি চিনাকি দি নগদ ধন লুটি নিছিল। কিন্তু ইয়াৰ বিপৰীতে আৰচান আলিক কোনো ধৰণৰ নথি পত্ৰ দিয়া নাছিল। ইয়াৰ পাছতে আৰচান আলিয়ে ডকাইতি হোৱা বুলি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে 2405/20 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। শনিবাৰে এই লোক দুগৰাকীক গ্ৰেপ্তাৰ কৰি জেল হজোতলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:নগাঁৱত যুৱতীক ধৰ্ষণৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক