কলিয়াবৰ, ২২ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে গৰুৰ চিণ্ডিকেট । দুষ্টচক্ৰই প্ৰতিদিনে অসমৰ মাজেৰে চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে । আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই এই কাৰ্যকলাপ ৰোধৰ চেষ্টা চলাইছে যদিও নতুন নতুন কৌশল অৱলম্বন কৰিছে সৰবৰাহকাৰীয়ে ।
আৰক্ষীৰ চকুত ধুলি দি দুষ্টচক্ৰৰ একাংশই গৰু সৰবৰাহৰ বাবে লৈছে বিভিন্ন কৌশল । এইবাৰ ডাক বিভাগৰ বাহনত গৰু সৰবৰাহৰ চেষ্টা চিণ্ডিকেট চক্ৰৰ । নগাঁও জিলাৰ কলিয়াবৰৰ এক দুৰ্ঘটনাৰ পাছতে এই কথা পোহৰলৈ আহিছে ।
উল্লেখ্য যে বুধবাৰে পুৱা কলিয়াবৰৰ বৰুৱাচুকৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় ডাক বিভাগৰ এখন কণ্টেইনাৰ ট্ৰাক (Truck full of cattle crashes in Kaliabor)। লগে লগে হুৱা-দুৱা লাগিল অঞ্চলটোত । স্থানীয় লোকসকলে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । কিন্তু তেতিয়াই লোকসকল আচৰিত হয় ।