অসম

assam

ETV Bharat / state

নগাঁৱত সুৰাপায়ী গাড়ী চালকক উত্তম মধ্যম ৰাইজৰ - জংঘল

নগাঁৱত ট্ৰাক চালকৰ দপদপনি ৷ সুৰাপান কৰি ৰাজপথত গাড়ী চলোৱাৰ অভিযাগ ৰাইজৰ ৷ চালকক উত্তম মধ্যম ৰাইজৰ ৷

truck-driver-punished-by-public-in-nagaon
নগাঁৱত সুৰাপায়ী গাড়ী চালকক উত্তম মধ্যম ৰাইজৰ

By

Published : Nov 13, 2020, 12:44 PM IST

নগাঁও,13 নৱেম্বৰ : বৃহস্পতিবাৰে নিশা নগাঁৱৰ মৰিকলঙত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ৰাজপথত সুৰাপান কৰি গাড়ী চলোৱা ট্ৰাক চালকক লপাথপা দিয়ে স্থানীয় ৰাইজে ।

জব্দকৃত বাহন

তথ্য অনুসৰি,আকাশী গংগাৰ পৰা নগাঁও চহৰ অভিমুখে আহি থকা এখন তীব্ৰবেগী ট্ৰাকে দুজনকৈ চাইকেল আৰোহীক খুন্দিওৱাৰ চেষ্টা চলাই । ফলত ৰাজপথৰ পৰা জংঘলত সোমাই কোনোমতে প্ৰাণ ৰক্ষা পৰে চাইকেল আৰোহী দুজন ।

সুৰাপায়ী গাড়ী চালক

ইফালে,ঘটনাৰ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত জব্দ হয় ট্ৰাকখন । ৰাইজে জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS-23G0-1811 বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,ৰাইজৰ অভিযোগ ট্ৰাকখনৰ চালকজনে অত্যাধিক সুৰাপান কৰি ৰাজপথত গাড়ী চলোৱাৰ বাবে ৰাইজে চালকজনক উত্তম মধ্যম দিয়ে ৷

লগতে পঢ়ক :মন্ত্ৰী পীয়ূষ হাজৰিকাক শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ আহ্বান জোনবিল মেলা সমিতিৰ

ABOUT THE AUTHOR

...view details