নগাঁও , 10 অক্টোবৰ:নগাঁৱৰ উদমাৰিত বন সুৰক্ষা বাহিনীৰ অভিযানত জব্দ ভুৱা চালানেৰে শিল কঢ়িয়াই অনা ডাম্পাৰ৷ অভিযোগ অনুসৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰা ভুৱা চালানেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ ট্ৰাকেৰে শিল সৰহবৰাহ হয় ৷ এক অসাধু চক্ৰৰ বিৰুদ্ধে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সৈতে মিলামিছা কৰি এই অবৈধ বেহা চলাই নিয়াৰ অভিযোগ ৷ কাৰ্বি আংলং জিলাৰ বৰজুৰি খণ্ড বন বিষয়াৰ পৃষ্ঠপোষকতাতে এই অবৈধ শিলৰ বেহা চলি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷
ভুৱা চালানেৰে কাৰ্বি আংলঙৰ পৰা শিল সৰহবৰাহ - nagaon
নগাঁৱত শিলভৰ্তি ট্ৰাক জব্দ ৷ ভুৱা চালানেৰে কাৰ্বি আংলঙৰ পৰা ট্ৰাকে ট্ৰাকে শিল সৰহবৰাহ হোৱাৰ অভিযোগ ৷ নগাঁৱৰ উদমাৰিত বন সুৰক্ষা বাহিনীৰ অভিযান ৷ অভিযানত ভুৱা চালানেৰে শিল কঢ়িয়াই অনা ডাম্পাৰ জব্দ ৷
ভুৱা চালানেৰে কাৰ্বি আংলঙৰ পৰা শিল সৰহবৰাহ
নগাঁৱৰ উদমাৰিত নগাঁও আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বন বিভাগৰ এটা দলে চলোৱা এক অভিযানত প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই নিয়াৰ এই ভয়াবহ ছবি উন্মোচিত হৈছে ৷ শ্বামিম আখতাৰৰ নেতৃত্বত চলা এই অভিযানতে ভুৱা চালানেৰে শিল কঢ়িয়াই নিয়া অৱস্থাত নগাঁৱত এএচ 02 CC 0893 নম্বৰৰ এখন ডাম্পাৰ জব্দ কৰে ৷