অসম

assam

By

Published : Oct 28, 2022, 7:49 PM IST

ETV Bharat / state

Trinamool Congress protest: মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰ’ল, ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে (protest against price hike in Nagaon)।

Trinamool Congress protest against price hike in Nagaon
Trinamool Congress protest: মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

নগাঁও, 28 অক্টোবৰ: "এই চৰকাৰখনে ভোটৰ স্বাৰ্থত ৰাইজক মূল্যবৃদ্ধি হ্ৰাস কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল ৷ বিজেপি ক্ষমতাত অহা ৰাজ্যত 7 বছৰ হ’ল কেন্দ্ৰত 9 বছৰ হ’ল তাৰ পিছতো তেওঁলোকে কোনো সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰিলে ৷ তেওঁলোকে চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছে ৷ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পূৰ্বে 2014 চনলৈ এটা গেছ চিলিণ্ডাৰৰ মূল্য আছিল 435 টকা আজি সেইটো গৈ 1200 টকা হ’লগৈ ৷ পেট্ৰ’লৰ মূল্য বৃদ্ধি হৈ 97 টকা হ’লগৈ ৷" বিজেপিক ক্ষুৰধাৰ সমালোচনা তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিৰ প্ৰতিবাদকাৰী নেতাৰ (Trinamool Congress protest in Nagaon) ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰ’ল, ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে (protest against price hike in Nagaon)। শুকুৰবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে তৃণমূল কংগ্ৰেছৰ নেতৃবৃন্দ (Trinamool Congress protest against price hike) ৷

নগাঁও জিলা সাহিত্য সভা ভৱনৰ সমীপৰ পৰা তৃণমূল কংগ্ৰেছে প্ৰতিবাদী সমদল উলিওৱাৰ চেষ্টা কৰে যদিও আৰক্ষী, প্ৰশাসনে বাধা প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত জিলা উপায়ুক্তৰ চৰকাৰী বাসভৱনৰ সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ বিৰুদ্ধে নানা শ্ল'গানেৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ বিজেপি চৰকাৰৰ দিনতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অধিক মূল্যবৃদ্ধি হোৱা বুলিও অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই ৷ শেহতীয়াকৈ পৌৰ কৰ বৃদ্ধি কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰে সাধাৰণ নাগৰিকক ৰামটাঙোন শোধাইছে বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিৰ নেতাই ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বৰ্দ্ধিত পৌৰ কৰ হ্ৰাস কৰিবলৈ তৃণমূল কংগ্ৰেছে দাবী উত্থাপন কৰে বিজেপি চৰকাৰক ৷

প্ৰতিবাদস্থলীত উপস্থিত হোৱা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে ৷

লগতে পঢ়ক:Erosion in Chabua : মামা এবাৰ আহি আমাক চাই যাওক, খহনীয়াগ্ৰস্তৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details