অসম

assam

ETV Bharat / state

চূড়ান্ত হোৱাৰ দিশে নীল অভি হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া - Neel Abhi Murder case

নগাঁও আদালতত শুনানি গ্ৰহণ নীল, অভি হত্যাকাণ্ড গোচৰৰ শুনানি। অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্যগ্ৰহণ আদালতৰ। বৃহস্পতিবাৰে সম্পূৰ্ণ হোৱা নাই সাক্ষ্য গ্ৰহণ। যতীন চন্দ্ৰ দাসৰ পিছত আন এগৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হলেই চূড়ান্ত হ'ব গোচৰৰ ৰায়দান (Neel Abhi murder case update)।

Trial of Neel Abhi murder case is nearing completion
চূড়ান্ত হোৱাৰ দিশে নীল অভি হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

By

Published : Aug 18, 2022, 7:39 PM IST

নগাঁও, 18 আগষ্ট: ক্ৰমাৎ চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে ৰাজ্য কপোৱা ডকমকাৰ নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া (Neel Abhi murder case update)। গোচৰটোৰ ৭১ গৰাকী সাক্ষীৰ ৭০ নম্বৰ সাক্ষীৰ সাক্ষ্যগ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতে।

বৃহস্পতিবাৰে নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানিত অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্য গ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে। অৱশ্যে বৃহস্পতিবাৰে সম্পূৰ্ণ হোৱা নাই অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্যগ্ৰহণ। পৰৱৰ্তী শুনানীত নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতৰ ন্যায়াধীশে পুনৰ সাক্ষ্য গ্ৰহণ কৰিব অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ। যতীন চন্দ্ৰ দাসৰ সাক্ষ্যগ্ৰহণৰ পিছত আৰু এগৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হলেই চূড়ান্ত হ'ব নীল,অভি হত্যাকাণ্ডৰ বিচাৰপ্ৰক্ৰিয়া (Neel Abhi Murder case Judgement process)।

চূড়ান্ত হোৱাৰ দিশে নীল অভি হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

উল্লেখযোগ্য যে, ২০১৮ চনতে সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল গুৱাহাটীৰ দুই চফল ডেকা নিলোৎপল দাস আৰু অভিজিৎ নাথ। কিন্তু পাহাৰীয়া জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি উভতি যোৱাৰ সময়তেই একাংশ পাষণ্ডই মৰিয়াই মৰিয়াই অতি নিৰ্মমভাৱে হত্যা কৰিছিল নিলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুই যুৱকক। যাক লৈ সমগ্ৰ ৰাজ্যতেই সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এই বৰ্বৰ ঘটনাৰ বিৰুদ্ধে ওলাই আহিছিল জনতা ।

ঘটনা সংঘটিত হোৱাৰ পিছতেই এগৰাকী নাবালকসহ মুঠ ৪৭ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ডিফু আৰক্ষীয়ে। লগতে অতি কম সময়ৰ ভিতৰতে আদালতত দাখিল কৰিছিল ৰাজ্য কপোৱা নীল অভি হত্যাকাণ্ড গোচৰৰ অভিযোগনামা। য'ত ৭১ গৰাকী সাক্ষীৰ নাম সন্নিবিষ্ট কৰা হৈছিল (Neel Abhi murder case Hearing)।

এতিয়া ৭১ গৰাকী সাক্ষীৰ ভিতৰত ৭০ নম্বৰ সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতেই শেষৰগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব নগাঁও আদালতে। অতি কম সময়ৰ ভিতৰতে গোচৰটোৰ বিচাৰপ্ৰক্ৰিয়া চূড়ান্ত হ'ব বুলি আশাবাদী নীল, অভিৰ দুই পিতৃ।

লগতে পঢ়ক:অভি-নীল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান কেতিয়া ?

ABOUT THE AUTHOR

...view details