কলিয়াবৰ, 17 জুনঃ গো-ধনৰ সংক্ৰমিত ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ । ৰাষ্ট্ৰীয় উদ্যানখনৰ পাৰ্শ্বৱৰ্তী এলেকাৰ গোধনক চবকা,গল ফুলা আৰু জহৰবাত ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে ট্ৰাইওভক প্ৰতিষেধক প্ৰদানৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । বিশ্ব বন্য প্ৰাণী নিধিয়ে আগবঢ়োৱা ভেকচিন আৰু প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্যকৰ সহযোগত কলিয়াবৰ আৰু বোকাখাত মহকুমাৰ পশু বিভাগৰ সহযোগিতাত এই চিতাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে উদ্যান কৰ্তৃপক্ষই। বিশ্ব বন্য প্ৰাণী নিধিয়ে আগবঢ়োৱা ভেকচিন আৰু প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ সহযোগত কলিয়াবৰ আৰু বোকাখাত মহকুমাৰ পশু বিভাগৰ সহযোগিতাত এই চিতাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে উদ্যান কৰ্তৃপক্ষই ।
কলিয়াবৰত গো-ধনক সংক্ৰমিত ৰোগৰ প্ৰতিষেধক প্ৰদান - গো-ধনক সংক্ৰমিত ৰোগৰ প্ৰতিষেধক প্ৰদান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাননৰ পাৰ্শ্বৱৰ্তী এলেকাৰ গোধনক চবকা,গল ফুলা আৰু জহৰবাত ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে ট্ৰাইওভক প্ৰতিষেধক প্ৰদানৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । বিশ্ব বন্য প্ৰাণী নিধিয়ে আগবঢ়োৱা ভেকচিন আৰু প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ সহযোগত এই কাৰ্যসূচী ৰূপায়িত হয় ।
কলিয়াবৰত গো-ধনক সংক্ৰমিত ৰোগৰ প্ৰতিষেধক প্ৰদান
পহিলা মে'ত আৰম্ভ কৰা এই চিতাকৰণ কাৰ্যসূচী মঙলবাৰে অন্ত পৰে । মঙলবাৰে ৰবৰবাৰী-শিলঘাট ইক ডেভেলপমেণ্ট কমিটিৰ ব্যৱস্থাপনাত সোণাৰী-কামাখ্যা,২নং, ৩নং বিহডুবি, শিলঘাট আৰু ৰবৰবাৰী গাঁৱত ৯২৭ টা গোধন চিতাকৰণৰে চিতাকৰণ কাৰ্যসূচীৰ সামৰণি মাৰে উদ্যান কৰ্তৃপক্ষই। চলিত বৰ্ষত প্ৰায় বাৰ হাজাৰ পশুধনৰ চিতাকৰণ কৰা হয় বুলি জানিব পৰা গৈছে ।
লগতে চাওকঃ পাথাৰকান্দি সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম্য পকী পথ যোজনাত ব্যাপক খেলিমেলিৰ অভিযোগ