নগাঁও, 11 ছেপ্টেম্বৰ : নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ লোকে এতিয়া কাহিলিপুৱাতে পুনৰ শুনিবলৈ পাব ৰে’লৰ উকি । কাৰণ শনিবাৰৰ পৰা গুৱাহাটী-মৈৰাবাৰীৰ মাজত পুনৰ চলিব যাত্ৰীবাহী ৰে’ল । বিগত প্ৰায় দুটা বছৰৰ অন্তত স্থানীয় যাত্ৰীবাসী ৰে’লসেৱা আৰম্ভ কৰিবলৈ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ৰে’ল বিভাগে ।
১৯৯২ চনতে বন্ধ হৈ পৰা গুৱাহাটী-মৈৰাবাৰীৰ মাজত ৰে’লসেৱা ২০০৯ চনৰ পৰা দ্বিতীয়বাৰৰ বাবে আৰম্ভ হৈছিল । পূৰ্বৰ মিটাৰগ'জ ৰে‘ল লাইনৰ বিপৰীতে দুটা দশকৰ অন্তত প্ৰাক্তন মন্ত্ৰী তথা সেইসময়ৰ জনতা দল ইউৰ ৰাজ্যিক সভাপতি ৰছিদুল হকৰ প্ৰচেষ্টাত ২০০৪ চনত ব্ৰডগ'জ ৰে’ললাইনৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন কেন্দ্ৰীয় ৰে’লমন্ত্ৰী নীতিশ কুমাৰে ।
গুৱাহাটী-মৈৰাবাৰীৰ মাজত পুনৰ আৰম্ভ হ’ব ৰেলসেৱা সেই মৰ্মে ২০০৯ চনৰ পৰাই আৰম্ভ হৈছিল গুৱাহাটী- মৈৰাবাৰী কলংপাৰ এক্সপ্ৰেছ ৰে’লৰ চলাচল । গুৱাহাটী-মৈৰাবাৰী কলংপাৰ এক্সপ্ৰেছ ৰে’লৰ সহায়ত বহু দৰিদ্ৰ, মধ্যবিত্ত লোকে গাঁও অঞ্চলৰ পৰা নগাঁও গুৱাহাটীলৈ কম খৰছত গৈ বিভিন্ন ব্যৱসায়ত জড়িত হ’বলৈ সুবিধা লাভ কৰিছিল ।
কিন্তু বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ক'ভিড ১৯ সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল বিভাগে বন্ধ ৰাখিছিল ৰে’লখনৰ চলাচল । ফলত বহুলোকে যাতায়াতৰ লগতে, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । কিন্তু বিগত প্ৰায় দুটা বছৰৰ অন্তত পুনৰ গুৱাহাটী-মৈৰাবাৰীৰ মাজত যাত্ৰীবাহী ৰে’লসেৱা আৰম্ভ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰে’ল বিভাগ ।
গুৱাহাটী-মৈৰাবাৰীৰ মাজত পুনৰ আৰম্ভ হ’ব ৰেলসেৱা শনিবাৰে বিয়লি ৫ বাজি ৩০ মিনিটত গুৱাহাটীৰ পৰা মৈৰাবাৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিব ৰে’লখনে । গুৱাহাটী মৈৰাবাৰীৰ মাজত যাত্ৰীবাহী ৰে’লসেৱা আৰম্ভ কৰিবলৈ ১০৩.৬ কিলোমিটাৰ ৰে’লপথত থকা ২৮ টা ষ্টেচন ইতিমধ্যে সাজু কৰা হৈছে । প্ৰতিটো ষ্টেচন ইতিমধ্যে চেনিটাইজ কৰা হৈছে । সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানিয়েই যাত্ৰীবাহী ৰে’লসেৱা আৰম্ভ কৰিবলৈ সম্পূৰ্ণ সাজু ৰে’ল বিভাগ ।
আনহাতে, পূৰ্বৰ দৰে দুপৰীয়া নগাঁও-গুৱাহাটীৰ মাজতো চলিব এখন যাত্ৰীবাহী ৰে’ল । অৱশ্যে পূৰ্বৰ দৰে এইবাৰ গুৱাহাটী, মৈৰাবাৰীৰ মাজত নচলে কলংপাৰ এক্সপ্ৰেছ । কলংপাৰ এক্সপ্ৰেছৰ সলনি চলিব গুৱাহাটী-মৈৰাবাৰী পেচেঞ্জাৰ এক্সপ্ৰেছ । মুঠৰ ওপৰত প্ৰায় দুটা বছৰৰ অন্তত পুনৰ মৈৰাবাৰী-গুৱাহাটী যাত্ৰীবাহী ৰে’লসেৱা আৰম্ভ হোৱাৰ খবৰে উৎফুল্লিত কৰি তুলিছে সৰ্বসাধাৰণ লোকক ।
লগতে পঢ়ক :নিমাতীৰ বিননি: বিশ্বনাথত উদ্ধাৰ জান বৰুৱাৰ নিথৰ দেহ