ৰহা,১২ ফ্ৰেব্ৰুৱাৰী:জীৱনৰ চকৰিটো যেন সঁচাকৈয়ে অদ্ভুত । কেতিয়াবা যদি কাৰোবাৰ শৈশৱে সকলোৰে মন হৰে, আন কেতিয়াবা আকৌ কাৰোবাৰ শৈশৱে চকু সেমেকাই । তেনে এটি শিশুৰ কাহিনী এয়া । এটি বাৰ বছৰীয়া কনমানি কিশোৰৰ কাহিনীয়ে সেমেকাইছে সকলোৰে দুচকু । ঘৰে ঘৰে, বজাৰে বজাৰে খৰি বেছি পোহপাল দিছে ৰুগীয়া পিতৃ আৰু পোন্ধৰ বছৰীয়া জ্যেষ্ঠ ভগ্নীক ।
থাকিবলৈ নাই এটা নিৰাপদ ঘৰ । বৰষুণ পৰিলেই গোটেই ঘৰখন হৈ পৰে জলমগ্ন । চৰকাৰ, জনপ্ৰতিনিধি কিম্বা পঞ্চায়ত প্ৰতিনিধি, কাৰোৰে চকুত পৰা নাই ৰহাৰ সমীপৰ জৰাবাৰী আলিকুছিৰ এই দুৰ্ভাগ্যকে সাৰথি কৰি চলা পৰিয়ালটিৰ জীৱন সংগ্ৰামৰ কথা(Tragic story of helpless boy in Raha) । জীৱনৰ গভীৰতা বুজি নৌপাওঁতেই জীৱন যুদ্ধত অৱতীৰ্ণ হ'বলগীয়া হ’ল এই কণমানিটো । মাতৃহাৰা এই কণমানিটোৱে অসুস্থ পিতৃৰ লগতে দায়িত্ব বহন কৰি আহিছে ১৫ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ ।
১২বছৰীয়া এই কণমানিটোৰ নাম কপিল নাথ । চাওক মাত্ৰ বাৰ বছৰীয়া কপিলে কেনেকৈ চাইকেলত খৰি বোজা কৰি ঘৰে ঘৰে, পথে পথে ঘূৰিছে । এটাই উদ্দেশ্য ৰুগীয়া দেউতাক আৰু বায়েকক সুখেৰে এসাজ খুৱাব । পখিলা খেদা বয়সতে মাতৃক হেৰুওৱা কপিলক ডাঙৰ দীঘল কৰে বায়েক বিনিতাই । পিতৃৰ অসুস্থতাৰ বাবে কম বয়সতে ঘৰৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিবলগীয়া হৈছে মাত্ৰ ১২ বছৰীয়া কপিলে ।
চাইকেলেৰে খৰি বিক্ৰী কৰি তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আছে কপিলে । কেতিয়াবা ঘৰৰ বাৰীৰ খৰি কাটি বিক্ৰী কৰে, আন কেতিয়াবা আকৌ আনৰ খৰি বিক্ৰী কৰি হাজিৰা লয় কপিলে । তেনেকৈয়ে দৰিদ্ৰ ঘৰখন চলাই আছে কপিলে । তাৰ মাজতে কপিলে অব্যাহত ৰাখিছে অধ্যয়ন । কপিল বৰ্তমান শ্বহীদ হেমৰাম পাটৰ স্মৃতি হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ । পঢ়া শুনা কৰি ভবিষ্যতে এজন ভাল মানুহ হোৱাৰ সপোন আছে কপিলৰ ।