অসম

assam

ETV Bharat / state

অশ্ৰু ভৰা নয়নেৰে কামপুৰৰ বন্যাৰ্তৰ চৰকাৰলৈ আহ্বান: আমাক সহায় কৰক - বছৰৰ প্ৰথমটো বান

বছৰৰ প্ৰথমটো বানে জুৰুলা কৰিলে অসমৰ ৰাইজক (Flood in Assam 2022) ৷ এই বানত উটি গ’ল বহুতৰ সপোনৰ ঘৰখন, আপোন খেতিডৰা ৷ অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে বন্যাৰ্তই ৷ কান্দি কান্দি বন্যাৰ্তৰ চৰকাৰলৈ আহ্বান, ‘‘আমাক সহায় কৰক’’ ৷

Major parts in Assam washed by Flood
বানে ধোৱা কামপুৰ

By

Published : May 25, 2022, 12:16 PM IST

বঢ়মপুৰ, 25 মে’ : ‘‘আমাক সহায় কৰক, আমাক খাবলৈ এমুঠি দিয়ক ৷ এই বানে উটুৱাই নিলে আমাৰ ঘৰৰ সকলো আচবাব ৷ ঘৰত এতিয়া একোৱেই নাই’’ ৷ সংবাদ মাধ্যমৰ জৰিয়তে কান্দি কান্দি ৰাজ্য চৰকালৈ এই আহ্বান বন্যাৰ্তৰ (Tragic situation at Kampur)৷

উল্লেখ্য যে, বছৰৰ প্ৰথমটো বানত ভাঙি তচনচ হ’ল বহুতৰে সপোন (Flood in Assam 2022) ৷ বানে উটুৱাই লৈ গ’ল বহুতৰে সপোনৰ ঘৰখন ৷ হাহাকাৰ অৱস্থা এতিয়া বন্যাৰ্তৰ মাজত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ কামপুৰৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও চৌদিশে এতিয়া দেখিবলৈ পোৱা গৈছে কেৱল ধ্বংসস্তুপ আৰু মৰ্মান্তিক দৃশ্য (Major parts in Assam washed by Flood) ৷

এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ বন্যাৰ্তৰ মাজত

বাঢ়নী পানী কিছু কমাত এতিয়া কামপুৰৰ একাংশ বন্যাৰ্ত উভতি গৈছে নিজৰ আপোন ঘৰখনলৈ ৷

কিন্তু আপোন ঘৰখনলৈ উভতি গৈ এতিয়া চকুলো টুকিব লগা হৈছে বন্যাৰ্তই ৷ কিয়নো প্ৰলংয়কাৰী বানত কামপুৰৰ গোঁসাইগাঁৱৰ বহুলোকৰ বাসগৃহৰ লগতে উটি গ’ল ঘৰৰ সকলো সা-সম্পত্তি আৰু অতি কষ্টৰে কৰা আপোন খেতিডৰা । ৰৈছেগৈ মাত্ৰ ভেঁটিটোহে ৷

বানে ধোৱা কামপুৰ

যাৰ ফলত ঘৰত এতিয়া খুদকণ এটাও পাবলৈ নাই ৷ এসাজ খাবলৈ আনৰ ওচৰত হাত পাতিবলগীয়া অৱস্থা হৈছে বানত সৰ্বস্বান্ত হোৱা কামপুৰীয়া ৰাইজৰ ৷

লগতে পঢ়ক :বান বিধস্ত জোনাইৰ কবু চাপৰি: মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াৰ বান-খহনীয়া পৰিদৰ্শন

ABOUT THE AUTHOR

...view details