অসম

assam

ETV Bharat / state

গুৱাহাটীত জালনোট প্ৰস্তুত কৰা মেচিনসহ আটক ব্যৱসায়ী

নকল সোণ ব্যৱসায়ীৰ স্বীকাৰোক্তিত জালনোট ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটীত অভিযান নগাঁও আৰক্ষীৰ । মহানগৰীত অভিযান চলাই আটক জালনোট ব্যৱসায়ী । জব্দ জালনোটসহ জালনোট প্ৰস্তুত কৰা অত্যাধুনিক যন্ত্ৰ (Traders arrested with counterfeit note making machine)।

traders arrested with counterfeit note making machine in Guwahati
গুৱাহাটীত জালনোট প্ৰস্তুত কৰা মেচিনসহ আটক ব্যৱসায়ী

By

Published : Sep 6, 2022, 12:00 PM IST

নগাঁও, 6 চেপ্টেম্বৰ: লক্ষীমপুৰৰ এটা কুখ্যাত নকল সোণ ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটী মহানগৰীত অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । দুদিনমান পূৰ্বে নগাঁও আৰক্ষীৰ জালত পৰা লক্ষীমপুৰৰ অহেদ আলী নামৰ এটা নকল সোণ ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত জালনোট প্ৰস্তুত কৰা অপৰাধী চক্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে নগাঁও আৰক্ষীয়ে (Traders arrested with counterfeit note making machine)।

সোমবাৰে নিশা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই গুৱাহাটীৰ হাতীগাঁও এলেকাৰ এটা বিশেষ ঘৰত (Nagaon Police raid in Guwahati)। ঘৰটোত অভিযান চলাই আৰক্ষীৰ দলটোৱে জালনোট প্ৰস্তুত কৰা চক্ৰৰ মহিলাসহ চাৰিগৰাকীকৈ সদস্যক আটক কৰিবলৈ সক্ষম হয় । লক্ষীমপুৰৰ ছাদিকুল ইছলাম, মফিকুল ইছলাম, আজিজুল ৰহমান আৰু নলবাৰীৰ ৰীমা বৈশ্য নামৰ মহিলাগৰাকীকো জালনোট ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰে নগাঁও আৰক্ষীৰ দলটোৱে ।

গুৱাহাটীত জালনোট প্ৰস্তুত কৰা মেচিনসহ আটক ব্যৱসায়ী

লগতে বিশেষ ঘৰটোৰ পৰা জালনোটসহ জালনোট প্ৰস্তুত কৰা এটা অত্যাধুনিক যন্ত্ৰও জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীৰ দলটো । জালনোট ব্যৱসায় চক্ৰৰ দলটোৱে গুৱাহাটীৰ হাতীগাঁৱৰ পৰাই জালনোটৰ এক ব্যৱসায় চলাই অহাৰো অভিযোগ উত্থাপন হৈছে । লক্ষীমপুৰ, নলবাৰী জিলাৰ চক্ৰটোৱে ৰাজ্যৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ জালনোটৰ যোগান ধৰি প্ৰৱঞ্চনা কৰি অহাৰো অভিযোগ উত্থাপন হৈছে ।

উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা আটক কৰা জালনোট ব্যৱসায়ী চক্ৰটোক লৈ পুৱতি নিশা নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় অভিযানকাৰী আৰক্ষীৰ দলটো । ইপিনে, জালনোট ব্যৱসায় সন্দৰ্ভত অধিক তথ্যৰ বাবে ধৃত চাৰিজনীয়া চক্ৰটোক নগাঁও আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:ছিপাঝাৰত জালনোট বনোৱা সামগ্ৰীসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details