অসম

assam

By

Published : Apr 7, 2019, 4:24 AM IST

ETV Bharat / state

ধিঙৰ মুছলেমচৰত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা:নিহত এজন

নগাঁও জিলাৰ ধিঙৰ মুছলেমচৰত শনিবাৰে সংঘটিত হয় এক ভয়াৱহ ট্ৰেক্টৰ দুৰ্ঘটনা৷  দুৰ্ঘটনাত থিতাতে নিহত চালক বিল্লাল উদ্দিন আৰু আহত হয় মফিদুল ইছলাম আৰু আজিজুল হক নামৰ দুজন লোক৷

ধিঙৰ মুছলেমচৰত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা:নিহত এজন

ধিঙৰ মুছলেমচৰত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা:নিহত এজন

নগাঁও, 7 এপ্ৰিল: নগাঁও জিলাৰ ধিঙৰ মুছলেমচৰত শনিবাৰে সংঘটিত হয় এক ভয়াৱহ ট্ৰেক্টৰ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত চালক বিল্লাল উদ্দিন আৰু আহত হয় মফিদুল ইছলাম আৰু আজিজুল হক নামৰ দুজন লোক৷ পথাৰত হাল বাই থকা অৱস্থাত নিয়ন্ত্ৰন হেৰুৱাই ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিত ট্ৰেক্টৰখন পৰি সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা৷

আহত মফিদুল ইছলাম আৰু আজিজুল হকক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে৷

উল্লেখ্য যে কিছু অসাধু ট্ৰেক্টৰ গাড়ীৰ মালিকে কম বয়সীয়া যুৱকক নম্বৰৰ বিহীন গাড়ীসমূহ লাইচেন্স অবিহনেই নগাঁও জিলাৰ পশ্চিমাঞ্চলত চলাবলৈ দিয়াৰ বাবেই সঘনাই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ এই সমূহ গাড়ী মালিকক নাকি লগাবলৈ পুলিচ প্ৰশাসন সক্ষম হ'বনে সেইয়া সময়তহে লক্ষণীয় হ'ব৷

ABOUT THE AUTHOR

...view details