অসম

assam

ETV Bharat / state

Tourism potential ignored : প্ৰচুৰ সম্ভৱনা স্বত্বেও পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি নুঠিল নগাঁৱৰ এখন ক্ষেত্ৰ - Tourism potential ignored

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এখন বিশেষ ক্ষেত্ৰ ৷ পক্ষীৰ কল-কাকলিৰে মুখৰিত বিলৰ চৌপাশ ৷ কিন্তু আজিও চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত এই ক্ষেত্ৰখন (Deprive from tourism) ৷ ক’ত আছে এই ক্ষেত্ৰখন ? সবিশেষ এই প্ৰতিবেদনত...

Deprive from tourism Talibar Beel
প্ৰচুৰ সম্ভৱনা স্বত্বেও পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি নুঠিল নগাঁৱৰ এখন ক্ষেত্ৰ

By

Published : Jan 6, 2022, 7:57 PM IST

নগাঁও, 6 জানুৱাৰী :নগাঁও জিলাৰ ধিং পৌৰসভাৰ অন্তৰ্গত মনোমোহা তলিবৰ বিল (Talibar beel in nagaon) । উত্তৰ পশ্চিম নগাঁৱৰ ভিতৰতে অন্যতম ধিঙৰ এই তলিবৰ বিল । পুৱাৰ পৰা গধুলিলৈ অসংখ্য পৰিভ্ৰমী পক্ষীৰ কল-কাকলিৰে অধিক মনোমোহা কৰি মনোমোহা কৰি তুলে অঞ্চলটোৰ পৰিৱেশ ৷

প্ৰায় আধা কিলোমিটাৰ দৈঘ্য এই তলিবৰ বিলত আছে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা । বিভিন্ন প্ৰজাতিৰ মাছ, কাছৰ আবাসস্থলৰ লগতে বিলখনৰ দুয়ো কাষে দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই । সকলো সময়তে চৰাইৰ কলৰৱেৰে মুখৰিত হৈ থাকে এই তলিবৰ বিল । পখীৰ নান্দনিক পৰিবেশে মুগ্ধ কৰি আহিছে প্ৰকৃতিপ্ৰেমিক ।

প্ৰচুৰ সম্ভৱনা স্বত্বেও পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি নুঠিল নগাঁৱৰ এখন ক্ষেত্ৰ

কিন্তু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বেও আজি পৰ্যন্ত অৱহেলিত হৈ আহিছে এই তলবিৰ বিল (Tourism potential of Talibar beel ignored) ।

প্ৰকৃতিপ্ৰেমীৰ লগতে ধিঙৰ সচেতন মহলৰ চৰকাৰলৈ আহ্বান, বিশাল সম্ভাৱনা থকা এই তলিবৰ বিলক পৰ্যটন স্থলী হিচাপে সৌন্দৰ্য বৰ্ধন কৰি মুকলি কৰক ৰাইজৰ বাবে । নৱবর্ষক লৈ ৰাজ্যৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰাৰ সময়ত প্ৰচুৰ সম্ভাৱনা থকা এই তলবিৰ বিলত নাই নৱবৰ্ষক আদৰাৰ কোনো উছাহ । যাক লৈ ধিংবাসীয়েও প্ৰকাশ কৰিছে আক্ষেপ ।

যিসময়ত পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে কৰি অহা প্ৰচাৰৰ নামত চৰকাৰে কৌটি কৌটি টকা ব্যয় কৰিছে, তেনে সময়তে প্ৰচুৰ সম্ভাৱনা থকা সত্বেও পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি উঠাত সম্পূৰ্ণ অৱহেলিত হবলগীয়া হৈছে ধিঙৰ এই মনোমোহা তলিবৰ বিলৰ লগতে বহু বিল-জলাশয় (Nagaons Talibar Beel ignored for ages)।

ধিংবাসীৰ লগতে প্ৰকৃতিপ্ৰেমীৰ দাবীক গুৰুত্ব দি চৰকাৰে এই তলবিৰ বিলক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক :Mushroom farming in Assam: কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা হাউলীৰ দুই যুৱক

For All Latest Updates

ABOUT THE AUTHOR

...view details