অসম

assam

নগাঁৱত ১১৮ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

By

Published : Jun 6, 2020, 10:55 PM IST

নগাঁৱত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় মুঠ ১১৮ গৰাকীলৈ । শনিবাৰৰ দিনটোত নগাঁৱত পুনৰ ৬ জন লোকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ।

nagaon district
nagaon district

নগাঁও, 6 জুনঃ শনিবাৰৰ দিনটোত নগাঁৱত ৬ জন লোকৰ দেহত নতুনকৈ ধৰা পৰে COVID-19ৰ অৱস্থিতি । নগাঁৱত বৰ্তমানলৈ চিকিৎসাধীন হৈ আছে মুঠ ১১৮ গৰাকীকৈ কৰ'ণা আক্ৰান্ত ৰোগী ।

শনিবাৰলৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মুঠ ১১০ গৰাকী ৰোগীক । আনহাতে নগাঁৱৰ উজৰাগাঁৱত স্থাপিত দ্বিতীয় খন COVID হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৮ জনকৈ ৰোগীক । নগাঁও জনসংযোগ বিভাগে জনোৱা তথ্য অনুসৰি, জিলাখনত চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ ভিতৰত কাৰ্বি আংলং আৰু হোজাই জিলাৰো কেবাজনো ৰোগী আছে ।

লগতে চাওকঃ ৯০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ শিৱাণীৰ ঘৰত কান্দোনৰ ৰোল

ABOUT THE AUTHOR

...view details