অসম

assam

By

Published : Jan 21, 2021, 10:53 PM IST

ETV Bharat / state

নগাঁৱত জোঁৰ সমদলৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

নগাঁৱত জোৰ সমদলৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা ৷ নগাঁও জিলাৰ আৰক্ষী বিভাগৰ প্ৰতিবেদন মৰ্মে বিভিন্ন দল-সংগঠনে জোৰ সমদল উলিওৱাৰ পৰিকল্পনা হাতত লোৱা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে ।

নগাঁৱত জোৰ সমদলত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা
নগাঁৱত জোৰ সমদলত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

নগাঁও,21 জানুৱাৰী:ৰাজহুৱা শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত নগাঁও জিলাৰ জিলা দণ্ডাধীশৰ বিশেষ নিৰ্দেশনা ৷ পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত এতিয়াৰে পৰা নগাঁও জিলাত কোনোধৰণৰ জোঁৰ সমদল বাহিৰ কৰিব নোৱাৰিব ৰাইজ তথা দল-সংগঠনে ৷ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ অধীনত 144 ধাৰা জাৰি কৰি জিলা খনত যিকোনো ধৰণৰ জোঁৰ সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা দণ্ডাধীশে ৷ ইতিমধ্যে তৎকালীল ভাৱে বলবৎ কৰা হৈছে আদেশ ৷ আদেশ আমান্যকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ৷ নগাঁও জনসংযোগ বিভাগে এক প্ৰেছ বিবৃতি যোগে জনাইছে এই তথ্য ৷

নগাঁৱত জোঁৰ সমদলৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

উল্লেখ্য যে, নগাঁও জিলাৰ আৰক্ষী বিভাগৰ প্ৰতিবেদন মৰ্মে বিভিন্ন দল-সংগঠনে জোঁৰ সমদল বাহিৰ কৰাৰ পৰিকল্পনা হাতত লোৱা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে ৷ এনেধৰণৰ সমদলে বজাৰ, পথচাৰী, পথত চলাচল কৰা যান-বাহন, পেট্ৰল ডিপো, চৰকাৰী কাৰ্যালয় আৰু জনতাৰ বাসগৃহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ নিৰ্দশনা প্ৰদান কৰিছে জিলা দণ্ডাধীশে ৷

লগতে পঢ়ক:ট্ৰাকৰ পৰা ধন দাবী কৰিবলৈ গৈ মৰাণত গ্ৰেপ্তাৰ 4 আটাছু নেতা

ABOUT THE AUTHOR

...view details