Police assaulting civilian in Guwahati: জামিন লাভ কৰিলে বিকি প্ৰসাদ গুপ্তাই
গুৱাহাটীৰ পল্টন বজাৰ কাণ্ডৰ ভুক্তভোগী বিকি গুপ্তাৰ জামিন মঞ্জুৰ কৰা হৈছে ৷ কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ ।
হৰ্ছ ট্ৰেডিঙক লৈ উত্তাল বিধানসভা : বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ
শাসক পক্ষই হৰ্ছ ট্ৰেডিং চলোৱাৰ অভিযোগ তুলি সোমবাৰে বিধানসভাৰ বাহিৰ-ভিতৰ উত্তপ্ত কৰি তোলে বিৰোধী বিধায়কসকলে ৷ বিধানসভাত প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ লগে লগে সদনৰ মজিয়াত কংগ্ৰেছ, এআইইউডিএফ, চিপিএম আৰু ৰাইজৰ দলৰ বিধায়কসকলে শ্ল'গান সম্বলিত প্লে-কাৰ্ড হাতত লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷
অখিল গগৈৰ বিস্ফোৰণ: বিধায়ক কিনা-বেচাত হাত উজান দিছে বিধানসভাৰ অধ্যক্ষই
বিধানসভাৰ মজিয়াত সোমবাৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা এক মন্তব্যত জাঙুৰ খাই উঠে বিৰোধী পক্ষ । ইয়াকে লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য ৷ মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে । অধ্যক্ষই বিধায়ক কিনা-বেচাত হাত উজান দিছে ।
এভাৰেষ্টৰ সৰ্বোচ্চ উচ্চতাত চাহ পাৰ্টিৰে গঢ়িলে ৱৰ্ল্ড ৰেকৰ্ড
সাগৰপৃষ্ঠৰ পৰা 21,312 ফুট উচ্চতাত মাউণ্ট এভাৰেষ্টৰ কেম্প 2 ত চাহ পাৰ্টি অনুষ্ঠিত কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিছে পৰ্বতাৰোহীৰ এটা দলে ৷ 2020 চনত কৰা চাহ পাৰ্টিটোৱে চলিত মাহত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ সৰ্বোচ্চ উচ্চতাত অনুষ্ঠিত চাহ পাৰ্টি হিচাপে স্বীকৃতি লাভ কৰিছে ।
ঘৰৰ পৰা উঠাই আনি মৰিয়াই মৰিয়াই হত্যা এজনক
পুনৰ ৰাজ্যত সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা । চামগুৰিৰ বৰদলত দেওবাৰে নিশা গণপ্ৰহাৰৰ ফলত মৃত্যু হয় এজন লোকৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷