অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jul 19, 2021, 5:01 PM IST

মণিকূটৰ ভিতৰত নামঘৰীয়াৰ কামনাৰ বলি কিশোৰী

ৰাজ্যত আকৌ নাবালিকা ধৰ্ষণ কাণ্ড ৷ মৰিগাঁৱৰ পাঠাৰ পাচত এইবাৰ নাওবৈচাৰ নামঘৰীয়াই চলালে নাবালিকাক যৌন নিৰ্যাতন ৷ সত্তৰোৰ্ধৰ বৃদ্ধৰ এই কাৰ্যত হতবাক সকলো ৷

মূল্যবৃদ্ধি আৰু প্ৰাপ্য মজুৰিৰ দাবীত উত্তাল প্ৰতিবাদ

সোমবাৰে বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, গণতান্ত্ৰিক যুৱ ফেডাৰেচন, কিষাণ সভাৰ লগতে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা আৰু বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰে ৷ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে দৰমহা নিয়মীয়াকৈ নোপোৱাত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৰ্মচাৰীসকল ৷

No disease No depression: সম্পূৰ্ণ সুস্থ 125 বছৰীয়া বাবা

ন' দিজিচ, ন' ডিপ্ৰেচন, ন' মানি,ন' ডনেচন ন' টেনচন ৷ এয়া কোনো শ্ল’গান নহয় ৷ এই মূলবাণীৰে জীৱনত আগবাঢ়িছে 125 বছৰীয়া এজন বাবা । নাম শিবানন্দ বাবা । নিৰামিষহাৰী বাবাগৰাকী বৰ্তমানেও সুস্থ-সবল অৱস্থাত আছে ।

কলগাছিয়াত বাঁওপন্থী গণ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

কলগাছিয়াৰ চাৰিআলি চ’কত বাঁওপন্থী গণ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী । বেনাৰ-পোষ্টাৰ লৈ পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে এই প্ৰতিবাদ । বৰপেটা জিলাৰ কলগাছিয়া চাৰিআলিত সোমবাৰে চিপিআইএমৰ লগতে বাঁওপন্থী গণ সংগঠন SFi, CITU, DYFI, কৃষক সভাকে আদি কৰি কেইবাটাও বাঁও গণ সংগঠনৰ কলগাছিয়া কমিটিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় ।

চৰকাৰী চিকিৎসালয়ত ক’ভিড মেনেজমেন্টৰ ফোপোলা স্বৰূপ

ৰাজ্যত ক’ভিড মেনেজমেন্ট (covid management)ৰ এখন ভয়াৱহ ছবি পোহৰলৈ আহিছে ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ এগৰাকী ক’ভিড আক্ৰান্ত মহিলাই উদঙাই দিছে ৰাজ্যৰ একাংশ ক’ভিড চিকিৎসালয়ৰ ফোপোলা স্বৰূপ ৷

টকিঅ’ অলিম্পিকত পুনৰ তিনিজন ক’ভিডত আক্ৰান্ত

দেওবাৰে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলৰ দেহত ক’ভিড ভাইৰাছ ধৰা পৰাৰ ঘটনা পোহৰলৈ আহে ৷ পুনৰায় অলিম্পিকৰে জড়িত দুগৰাকী ব্যক্তি আৰু এগৰাকী সাংবাদিকৰ দেহত ধৰা পৰিছে ভাইৰাছবিধ ৷

GUৰ পিছতে এইবাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি কৰ্তন

ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয় সমূহৰ আচাৰ্য জগদীশ মুখীয়ে (Jagdish Mukhi) গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ আন আন বিশ্ববিদ্যালয় সমূহত নিযুক্ত হৈ থকা ঠিকা ভিত্তিক শিক্ষক সকলৰ নিযুক্তি বাতিল কৰাৰ বাবে বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য সকলক নিৰ্দেশ প্ৰদান কৰিছিল ৷ যাৰ ফলত কৰ্তন কৰা হ’ল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ (Bhattadev University) ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি ৷

এফালে গো সংৰক্ষণ আইন বিতৰ্ক আনফালে কৰিগঞ্জ সীমান্তত জব্দ অবৈধ সৰু

বিধানসভাৰ মজিয়াত ইতিমধ্যে উত্থাপিত হৈছে বহু বিতৰ্কিত গো সংৰক্ষণ আইন ৷ এই আইনে অসমৰ মাজেৰে গৰুৰ চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে ৰাজ্য চৰকাৰে ৷ এই আইনখনক লৈ গৰম হৈ আছে ৰাজ্যৰ বতাহ ৷ ইয়াৰ মাজতে কৰিমগঞ্জৰ সীমান্ত এলেকাত পুনৰ জব্দ হয় অবৈধভাৱে বিক্ৰীৰ বাবে অনা ১৬ টাকৈ গৰু। দেওবাৰে বিয়লি ভাগত জব্দ কৰা হয় গৰু কেইটা ।

মোক নতুন জীৱন দিলে মুখ্যমন্ত্ৰীয়ে: শিল্পী ভোলা কটকী

পুনৰ সুস্থ হৈ উঠিছে শিল্পী ভোলা কটকী ৷ কিছুদিন পূৰ্বে শাৰীৰিক অসুস্থাত ভুগি চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগাত পৰিছিল শিল্পীগৰাকী ৷ প্ৰায় 19-20 দিনৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি আহিছে নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকী ৷

পুনৰ এসপ্তাহলৈ জাৰি নতুন SOP

সোমবাৰে পুনৰ জাৰি কৰা হ’ল ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা ৷ পুনৰ এসপ্তাহ বাবে জাৰি কৰা হৈছে এই নতুন নীতি-নিৰ্দেশনা ৷ নতুন নীতি-নিৰ্দেশনা অনুসৰি, ঈদৰ নামাজত ভাগ ল’ব পাৰিব পাঁচ জন লোকেহে ৷

ABOUT THE AUTHOR

...view details