নগাঁও, 14 জুলাই : ৰাজ্যত নিতৌ বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লোক প্ৰতিটো সময়ত সষ্টম হৈ থকাৰ সময়তো ৰোধ কৰিব পৰা নাই গণ সক্ৰমণ ৷
নগাঁও জিলাতো ক'ভিড-19 য়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ শেহতীয়া তথ্য অনুসৰি, জিলাখনত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ১০২৭ জনলৈ বৃদ্ধি হয় ৷ ইতিমধ্যে, জিলাখনত সাধাৰণ লোকৰ পৰা আদি কৰি আৰক্ষী তথা প্ৰশাসনৰ লোকো এই ভাইৰাছত আক্ৰান্ত হৈছে ৷
নগাঁৱত ১০২৭ জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা মঙলবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ তিনিজনকৈ আৰক্ষী,কাৰাগাৰৰ এগৰাকী কাৰাবন্দীৰ লগতে ১২ জনকৈ লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ হয়বৰগাঁও আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক বাবুল বৰা,সৰ্মিন্দৰ সিং আৰু কনিষ্টবল জনতা বৰদলৈ আক্ৰান্ত হৈছে কৰ'ণাত । জানিব পৰা মতে,আৰক্ষীৰ লোক কেইজন জুন মাহত উদ্ধাৰ কৰা এগৰাকী কিশোৰীৰ সংস্পৰ্শলৈ আহিছিল । প্ৰথম পৰীক্ষাৰ ফলাফলত ক'ভিড-19 নিগেটিভ আহিছিল যদিও দ্বিতীয় পৰীক্ষাত লোক কেইজনৰ ফলাফল পজিটিভ আহিছিল বুলি জানিব পৰা গৈছে । ইপিনে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ আব্দুল গফুৰ নামৰ এগৰাকী কাৰাবন্দীৰ দেহতো ধৰা পৰে ক'ভিড-19 ৰ উপস্থিতি ৷
উল্লেখ্য যে,স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, সোমবাৰৰ নিশালৈ অসমত ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা 17807 গৰাকীলৈ বৃদ্ধি হয় ৷ ইয়াৰ ভিতৰত 11416 গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে 6348 গৰাকী ৰোগী বৰ্তমানে চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ আনহাতে,অসমত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 40 গৰাকীলৈ বৃদ্ধি হয় ৷
লগতে পঢ়ক : মৰিগাঁৱত ক'ভিড হাস্পতাল মুকলি ডিজিপি ভাষ্কৰ জ্যোতি মহন্তৰ