চামগুৰি, ৮ অক্টোবৰ :ৰূপহীহাটত বিধায়ক নুৰুল হুদাৰ ভেঁটি কপাবলৈ আহি নিজেই বিমূৰত পৰা পৰিলক্ষিত হ’ল তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাক । নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি খালী চকীৰ সন্মুখতে ৰিপুন বৰাই ভাষণ দিব লগাত পৰিল ৷ মুঠৰ ওপৰত শনিবাৰে ৰূপহীহাটত এখন ফ্লপ নিৰ্বাচনী সভালৈ পৰিণত হ’ল তৃণমূল কংগ্ৰেছৰ সভাখন ৷
উল্লেখ্য যে, শনিবাৰে নগাঁৱৰ ৰূপহীহাটত আয়োজন কৰা হয় তৃণমূল কংগ্ৰেছৰ এখন নিৰ্বাচনী সভা ৷ এই সভাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা । কিন্তু এই নিৰ্বাচনী সভালৈ নাহিল ৰাইজ ৷ উপায়ন্তৰ হৈ সীমিত সংখ্যক দলীয় নেতা কৰ্মী আৰু ৰাইজৰ আগতে ভাষণ প্ৰদান কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই ।
ইফালে সভাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বিজেপিয়ে আয়োজন কৰা অমৃত কলহ যাত্ৰাত অংশ লোৱা কংগ্ৰেছৰ তিনি বিধায়কৰ সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে ৷ তেঁও কয়, ‘‘আমি আজি প্ৰথমবাৰলৈ ৰূপহীহাটত নিৰ্বাচনী প্ৰচাৰ চলাইছো । কিন্তু খুবেই দুখজনক আৰু দুৰ্ভাগ্যজনক কথা, কিয়নো যি সময়ত ভাৰতৰ প্ৰায় ষাঠী শতাংশ ৰাইজে একলগ হৈছে INDIA এলাএন্সত যোগ দিছে, ঠিক একে সময়তে তিনিগৰাকী বিধায়কে এনেকুৱা কৰাটো খুবেই দুখজনক বিষয়’’ ।