অসম

assam

By

Published : Nov 23, 2020, 10:42 AM IST

ETV Bharat / state

কঠীয়াতলিত বিভিন্ন পৰিষদীয় দাবীৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

সোমবাৰে পুৱা 5 বজাৰ পৰা নগাঁৱৰ কঠীয়াতলিৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত তিৱা ছাত্ৰ সন্থাৰ ৷ 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা সংগঠনটোৰ ৷ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত জনজাতিৰ সংৰক্ষিত আসন হ্ৰাস কৰাৰ লগতে বিভিন্ন দাবীৰে ৰাজপথ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে ।

tiwa students union protest in nagaontiwa students union protest in nagaon
কঠীয়াতলিত বিভিন্ন পৰিষদীয় দাবীৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বঢ়মপুৰ,23 নৱেম্বৰ : নগাঁৱৰ কঠীয়াতলিৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তিৱা ছাত্ৰ সন্থাই । পুৱাৰে পৰা কঠীয়াতলিৰ দোকান-পোহাৰ বন্ধ হোৱাৰ লগতে দুই এখন ব্যক্তিগত বাহনৰ বাহিৰে সকলো বন্ধ হৈ পৰিছে ৷ কেইবাটাও দাবীৰে পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছে তিৱা ছাত্ৰ সন্থাই ৷

কঠীয়াতলিত বিভিন্ন পৰিষদীয় দাবীৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত জনজাতিৰ সংৰক্ষিত আসন হ্ৰাস কৰা,ASCRDA আইন,2017 তিৱা পৰিষদৰ পৰা প্ৰত্যাহাৰ কৰা আৰু পৰিষদত বাদ পৰা গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷

অসম চৰকাৰ হুচিয়াৰ,বিজেপি গ’বেক আদি প্ৰতিবাদী ধ্বনিৰে ৰাজপথ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে । সম্প্ৰতি প্ৰতিবাদস্থলীত অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে ৷

লগতে পঢ়ক :দিনত ছাত্ৰ সংগঠন,নিশা ডকাইটিঃ 5 জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details