অসম

assam

ETV Bharat / state

টিংখাং আৰু বটদ্ৰৱাত "কা" বিৰোধী প্ৰতিবাদ - বটদ্ৰৱাত "কা" বিৰোধী প্ৰতিবাদ

শুকুৰবাৰে সমগ্ৰ দেশতে বলৱৎ কৰা হ’ল নাগৰিকত্ব সংশোধনী আইন 2019 ৷ টিংখাঙৰ ৰাজগড়ত আটাছু ৰাজগড় আঞ্চলিক সমিতি,আছা আৰু AJYCPৰ উত্তাল প্ৰতিবাদ ৷ সমান্তৰালকৈ বটদ্ৰৱাটো ক’লা পতাকা প্ৰদৰ্শন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Tingkhong and Batadrawa CAA protest
টিংখাং আৰু বটদ্ৰৱাত "কা" বিৰোধী প্ৰতিবাদ

By

Published : Jan 11, 2020, 2:18 PM IST

টিংখাং,11 জানুৱাৰীঃশুকুৰবাৰে সমগ্ৰ দেশতে বলৱৎ কৰা হ’ল নাগৰিকত্ব (সংশোধনী) আইন, 2019 ৷ দেশজুৰি চলি থকা তীব্ৰ প্ৰতিবাদকো আওকাণ কৰি ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াকে লৈ সম্প্ৰতি সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন ৷ টিংখাঙৰ ৰাজগড়ত আটাছু ৰাজগড় আঞ্চলিক সমিতি,আছা আৰু AJYCPয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ মৰাণ-নাহৰকটীয়া পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

টিংখাঙত কা বিৰোধী প্ৰতিবাদ

বটদ্ৰৱাঃসমান্তৰালকৈ বটদ্ৰৱাটো ক’লা পতাকা উত্তোলন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰে ৷ বটদ্ৰৱা সমষ্টিৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তোলন কৰে ক’লা পতাকা ৷ আনহাতে,সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাই জাতিধ্বংসী আইনখনক লৈ নিৰৱ হৈ থকাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইডঙীয়া আঞ্চলিক সমিতিয়ে সমষ্টিত নিষিদ্ধ কৰে বিধায়িকাগৰাকীক ৷

বটদ্ৰৱাত "কা" বিৰোধী প্ৰতিবাদ

লগতে পঢ়ক-হাফলং-শিলচৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি 27 লাখ টকা মুকলি

ABOUT THE AUTHOR

...view details